আমোচ 6:1-14 ASMIRV2019 - Bible AI

1ধিক তোমালোক! তোমালোক যিসকল চিয়োনত নিচিন্তভাৱে আছা আৰু চমৰিয়া পাহাৰত নিৰাপদে বাস কৰি আছা, যি সকলৰ ওচৰলৈ ইস্রায়েল বংশৰ সকলো লোক সহায়ৰ বাবে আহে, তোমালোক জাতিবোৰৰ প্রধানসকলৰ মাজত প্রসিদ্ধ লোক।

2তোমালোকে কলনিলৈ গৈ চোৱা; তাৰ পৰা হমাতলৈ যোৱা, তাৰ পাছত পলেষ্টীয়া লোকসকলৰ গাত নগৰলৈ নামি যোৱা; সেই ৰাজ্যবোৰতকৈ তোমালোকৰ এই দুই ৰাজ্য উত্তম নে? তোমালোকৰ সীমা, সেইবোৰৰ সীমাতকৈ ডাঙৰ নে?

3তোমালোকে বেয়া দিনক দূৰ কৰি এক অত্যাচাৰীৰ ৰাজত্বক ওচৰ চপাই আনিলা।

4যিসকলে হাতীদাঁতৰ পালেঙত শয়ন কৰে আৰু তেওঁলোকৰ শয্যাত আৰামেৰে দীঘল দি পৰে, জাকৰ পৰা মেৰ-ছাগ পোৱালি আৰু গোহালিৰ পৰা দামুৰি ভোজন কৰে;

5যিসকলে বীণা বাদ্যেৰে অসাৰ্থক গীত গায়, দায়ুদৰ নিচিনাকৈ বাদ্য-যন্ত্ৰত গীত ৰচনা কৰে,

6যিসকলে পাত্রবোৰৰ পৰা দ্ৰাক্ষাৰস পান কৰে আৰু উত্তম সুগন্ধি তেলেৰে সৈতে নিজকে অভিষেক কৰে, কিন্তু যোচেফৰ বিনষ্টৰ কাৰণে তেওঁলোকে দুখ নকৰে!

7গতিকে বন্দী হৈ অন্য দেশলৈ যাব লগা সকলৰ মাজত এইসকলেই প্রথমে দেশান্তৰিত হ’ব; তেতিয়া ভোগবিলাসত আৰামেৰে থকাসকলৰ চিঞৰ-বাখৰ নাইকিয়া হ’ব।

8বাহিনীসকলৰ ঈশ্বৰ প্ৰভু যিহোৱাই নিজৰ নামেৰে শপত খাই কৈছে: “মই যাকোবৰ অহংকাৰ আৰু তেওঁৰ দূর্গবোৰ ঘিণ কৰোঁ; সেই বাবে মই নগৰখন আৰু তাত থকা সকলোবোৰ আনৰ হাতত সমৰ্পণ কৰিম।”

9তাতে এটা ঘৰত দহজন লোক জীয়াই থাকিলেও, তেওঁলোকৰ মৃত্যু হ’ব।

10যেতিয়া কোনোবাজনৰ আত্মীয়ই মৃতদেহ দাহ কৰিবৰ কাৰণে শৱটো ঘৰৰ পৰা বাহিৰলৈ দাঙি লবলৈ আহিব আৰু তেওঁ ঘৰৰ একেবাৰে ভিতৰত থকা কাৰোবাক “তোমাৰ লগত আন কোনোবা আছে নেকি” বুলি জানিবলৈ সুধিব; তেতিয়া তেওঁ ক’ব, “নাই।” তাতে সেই আত্মীয়ই ক’ব, “মনে মনে থাকা! আমি যিহোৱাৰ নাম উল্লেখ কৰিব নাপায়।”

11কিয়নো চোৱা, যিহোৱাই আজ্ঞা দিব, ডাঙৰ ডাঙৰ ঘৰ ভাঙি চূৰমাৰ হ’ব আৰু সৰু সৰু ঘৰ টুকুৰা-টুকুৰ কৰা হ’ব।

12ঘোঁৰাবোৰে জানো খলাবমা শিলনিত লৰ মাৰিব পাৰে? কোনোৱে জানো তাত বলদেৰে হাল বাব পাৰে? কিন্তু তোমালোকে ন্যায়বিচাৰক বিহলৈ পৰিণত কৰিলা আৰু ধাৰ্মিকতাৰ ফলক তিতা ফাললৈ পৰিবৰ্ত্তন কৰিলা।

13তোমালোকে লো-দেবাৰ+ 6:13 নগৰ, (যাৰ অর্থ অসাৰ) ত ব্যর্থ আনন্দ কৰিছা; তোমালোকে কোৱা, “আমি জানো নিজৰ শক্তিৰে কার্নয়িম+ 6:13 নগৰ (যাৰ অর্থ ‘শক্তি’) অধিকাৰ কৰা নাই?”

14বাহিনীসকলৰ যিহোৱাই কৈছে, “হে ইস্ৰায়েল-বংশ, চোৱা মই তোমালোকৰ বিৰুদ্ধে এক জাতিক উঠাম; সেই জাতিয়ে লিবো হমাতৰ পৰা অৰাবাৰ উপত্যকা পর্যন্ত তোমালোকৰ ওপৰত উপদ্রৱ কৰিব।”

Indian Revised Version (IRV) Assamese © 2017, 2018, 2019 Bridge Connectivity Solutions Pvt. Ltd. Licensed under Creative Commons Attribution-ShareAlike 4.0 International (CC BY-SA 4.0).
>