ইব্ৰীসকলৰ প্ৰতি পত্ৰ 1:1-13 ASMIRV2019 - Bible AI

1পূৰ্বকালত ঈশ্বৰে ভাৱবাদী সকলৰ মাধ্যমেদি বহু বাৰ নানাভাৱে আমাৰ পূর্বপুৰুষ সকলৰ সৈতে কথা পাতিছিল।

2কিন্তু এতিয়া এই শেষৰ দিনবোৰত ঈশ্বৰে তেওঁৰ পুত্রৰ দ্বাৰাই আমাৰ লগত কথা ক’লে; ঈশ্বৰে সেই পুত্ৰকেই সকলোৰে উত্তৰাধিকাৰী হবলৈ নিযুক্ত কৰিলে আৰু তেওঁৰ যোগেদি বিশ্ব-ব্রহ্মাণ্ড খনো সৃষ্টি কৰিলে।

3সেই পুত্ৰ ঈশ্বৰৰ গৌৰৱময় পোহৰ৷ ঈশ্বৰৰ সকলো গুণৰ পূর্ণ প্রতিবিম্ব; পুত্রই ঈশ্বৰৰ পৰাক্ৰম বাক্যৰ দ্বাৰাই সকলো ধৰি ৰাখিছে। সেই পুত্রই সকলো মানুহক পাপৰ পৰা শুচি কৰিলে আৰু তাৰ পাছত স্বর্গত ঈশ্বৰৰ মহিমাৰ সোঁ হাতে ওখ সিংহাসনত বহিল।

4ঈশ্বৰে তেওঁৰ পুত্রক যি নাম দিলে, সেই নাম যেনেকৈ স্বৰ্গৰ দূত সকলৰ নামতকৈ অধিক উত্তম, তেনেকৈ তেওঁ স্বর্গৰ দূত সকলৰ তুলনাত অনেক মহান হৈ উঠিল।

5কাৰণ, ঈশ্বৰে কেতিয়াবা সেই স্বর্গৰ দূত সকলৰ মাজত কোনো এজনক কৈছিল নেকি যে,

6পুণৰ, ঈশ্বৰে যেতিয়া সেই প্রথমে জন্মা জনক জগতলৈ আনিলে, তেতিয়া তেওঁ ক’লে,

7স্বর্গৰ দূত সকলৰ বিষয়ে ঈশ্বৰে কৈছে,

8কিন্তু পুত্ৰৰ বিষয়ে ঈশ্বৰে ক’লে,

9তুমি ধাৰ্মিকতাক প্ৰেম কৰিলা আৰু দুৰাচাৰীক ঘিণ কৰিলা; এই কাৰণে ঈশ্বৰে, তোমাৰ ঈশ্বৰে তোমাৰ সঙ্গী সকলতকৈ তোমাক অধিক আনন্দৰূপ তেলেৰে অভিষিক্ত কৰিলে।” + 1:9 গীত 45:6-7*

10“হে প্ৰভু, তুমি আদিতে পৃথিৱীৰ ভিত্তিমূল স্থাপন কৰিলা। আকাশ-মণ্ডলো তোমাৰ হাতৰ কৰ্ম৷

11সেইবোৰ ধ্বংস হৈ যাব; কিন্তু তুমি নিত্য; সেই সকলো কাপোৰৰ দৰে পুৰণি হৈ যাব।

12তুমি চাদৰৰ দৰে সেইবোৰক নুৰিয়াবা, কাপোৰৰ দৰে সেইবোৰ সলোৱা হ’ব, কিন্তু তুমি হ’লে সদায় একে আছা আৰু তোমাৰ বছৰবোৰৰ কেতিয়াও শেষ নহ’ব।”+ 1:12 গীত 102:25-27*

13কিন্তু ঈশ্বৰে স্বর্গৰ দূত সকলৰ মাজৰ কোনো জনক কেতিয়াবা এই কথা কৈছে নে যে,

>