ইষ্টেৰ 10:1-3 ASMIRV2019 - Bible AI

1তাৰ পাছত ৰজা অহচবেৰোচে দেশত, আৰু সমুদ্ৰৰ পাৰত থকা দেশবোৰত কৰ ধাৰ্য্য কৰিলে।

2তেওঁৰ ক্ষমতা আৰু পৰাক্ৰমৰ সকলো কথা, ৰজাই মৰ্দখয়ক যি মহত্ত্ব দি ওখ পদত তুলিছিল, তাৰ সম্পূৰ্ণ বৃত্তান্ত মাদিয়া আৰু পাৰস্যৰ ৰজা সকলৰ ইতিহাস পুস্তকত লিখা আছে।

3যিহুদী মৰ্দখয় ৰজা অহচবেৰোচ দ্বিতীয় স্থানত আছিল। যিহুদী লোক সকলৰ মাজত তেওঁ মহৎ আছিল, আৰু তেওঁৰ অনেক যিহুদী ভাই সকলৰ মাজত জনাজাত আছিল। কিয়নো তেওঁ নিজৰ লোক সকলৰ হিত চিন্তা কৰিছিল; আৰু তেওঁলোকৰ শান্তিৰ বাবে কথা কৈছিল।

Indian Revised Version (IRV) Assamese © 2017, 2018, 2019 Bridge Connectivity Solutions Pvt. Ltd. Licensed under Creative Commons Attribution-ShareAlike 4.0 International (CC BY-SA 4.0).
iv>