গীতমালা 123:1-4 ASMIRV2019 - Bible AI

1হে স্বৰ্গৰ সিংহাসনত থাকোঁতা জনা, মই তোমাৰ ফালেই মোৰ চকু তুলি চাই থাকোঁ।

2গৰাকীৰ হাতলৈ যেনেকৈ দাসবোৰৰ চকু থাকে, আৰু দাসীৰ চকু যেনেকৈ গৰাকীয়ণীৰ হাতৰ ফালে থাকে, তেনেকৈ আমাক কৃপা নকৰা পর্যন্ত আমাৰ চকুৱে আমাৰ ঈশ্বৰ যিহোৱালৈ চাই থাকে।

3আমাক কৃপা কৰা, হে যিহোৱা, আমাক কৃপা কৰা; কিয়নো আমি লোকসকলৰ তুচ্ছ-তাচ্ছিল্যত অধিককৈ পোঁত গ’লো।

4আমাৰ প্রাণে বহন কৰিব পৰাতকৈ লোকসকলৰ বিদ্রূপ আৰু অহঙ্কাৰীবোৰৰ অপমান অধিক হ’ল।

Indian Revised Version (IRV) Assamese © 2017, 2018, 2019 Bridge Connectivity Solutions Pvt. Ltd. Licensed under Creative Commons Attribution-ShareAlike 4.0 International (CC BY-SA 4.0).
/div>