গীতমালা 3:1-8 ASMIRV2019 - Bible AI

1হে যিহোৱা চোৱা, মোৰ শত্রুৰ সংখ্যা কিমান বাঢ়িছে! মোৰ বিৰুদ্ধে অনেকেই উঠিছে!

2অনেকে মোক কৈছে, “ঈশ্বৰে তোমাক সহায়+ 3:2 উদ্ধাৰ নকৰে।” (চেলা+ 3:2 ‘চেলা’ শব্দটো গীতমালাৰ 71 ঠাইত উল্লেখ আছে, ই গীতৰ মাজৰ বিৰতিক নির্দেশ কৰে।)

3কিন্তু, হে যিহোৱা, তুমিয়েই মোৰ চাৰিওফালে ঢাল হৈ আছা; তুমিয়েই মোৰ গৌৰৱ; তুমি মোৰ মূৰ উর্দ্ধত ৰাখিছা।

4মই চিঞঁৰি চিঞঁৰি যিহোৱাক মাতো; তাতে তেওঁ মোক তেওঁৰ পবিত্ৰ পৰ্ব্বতৰ পৰা উত্তৰ দিয়ে। (চেলা)

5মই শুই পৰিলো আৰু টোপনি গলোঁ; পুনৰ সাৰ পালোঁ; কিয়নো যিহোৱাই মোক ৰক্ষা কৰে।

6মোৰ বিৰুদ্ধে মোৰ চাৰিওফালে হাজাৰ হাজাৰ লোক সজ্জিত হৈ আছে, কিন্তু মই তেওঁলোকলৈ ভয় নকৰোঁ।

7হে যিহোৱা উঠি আহাঁ! হে মোৰ ঈশ্বৰ, মোক উদ্ধাৰ কৰা; তুমি মোৰ শত্রুবোৰৰ গালত আঘাত কৰা; দুষ্টবোৰৰ দাঁত ভাঁঙি পেলোৱা।

8পৰিত্ৰাণ+ 3:8 বিজয় যিহোৱাতে আছে; তোমাৰ লোকসকলৰ ওপৰত তোমাৰ আশীৰ্ব্বাদ নামি আহঁক। (চেলা)

Indian Revised Version (IRV) Assamese © 2017, 2018, 2019 Bridge Connectivity Solutions Pvt. Ltd. Licensed under Creative Commons Attribution-ShareAlike 4.0 International (CC BY-SA 4.0).
iv>