গীতমালা 46:1-11 ASMIRV2019 - Bible AI

1ঈশ্বৰ আমাৰ আশ্ৰয় আৰু বল, সঙ্কটৰ সময়ত বিচাৰা মাত্ৰে পাব পৰা ঈশ্বৰ।

2এই বাবেই মই ভয় নকৰিম - যদিও পৃথিবীৰ পৰিবৰ্ত্তন হয়, পৰ্ব্বতবোৰ কঁপি উঠি সাগৰৰ বুকুত পৰে,

3যদিও জল সমূহে তৰ্জ্জন-গৰ্জ্জন কৰে আৰু ফেনে-ফুটুকাৰে ভৰি পৰে, যদিও পৰ্ব্বতবোৰে আলোড়ন কৰি কঁপি উঠে। (চেলা)

4এখন নদী আছে; তাৰ সুঁতিবোৰে ঈশ্বৰৰ নগৰক আনন্দময় কৰি তোলে, আনন্দময় কৰি তোলে সৰ্ব্বোপৰি জনা থকা সেই পবিত্ৰ স্থান।

5ঈশ্বৰ সেই নগৰৰ মাজত থাকে; সেয়ে তাই বিচলিত নহ’ব। অতি পুৱাতেই ঈশ্বৰে তাইক সহায় কৰিব।

6জাতিবোৰে হৈ চৈ কৰিছে; আৰু ৰাজ্যবোৰ উচ্ছন্ন হৈছে; তেওঁ গর্জন কৰি উঠিছে আৰু পৃথিৱী দ্রৱীভূত হ’ল।

7বাহিনীসকলৰ সর্বশক্তিমান যিহোৱা আমাৰ সঙ্গত আছে; যাকোবৰ ঈশ্বৰ আমাৰ আশ্রয়স্থান। (চেলা)

8আহাঁ, যিহোৱাৰ কার্য-কলাপ চোৱা, তেওঁ পৃথিবীত ধ্বংস আনিছে।

9তেওঁ পৃথিবীৰ সকলো যুদ্ধ বন্ধ কৰে, তেওঁ ধনু ভাঙে, বৰছা ডোখৰ ডোখৰ কৰে, ৰথবোৰ জুইত পোৰে।

10যিহোৱাই কৈছে, “তোমালোক ক্ষান্ত+ 46:10 যুদ্ধবোৰ বন্ধ কৰা হোৱা, মই যে ঈশ্বৰ, ইয়াকে জানা! সকলো জাতিয়ে মোকেই গৌৰৱান্বিত কৰিব, পৃথিৱীয়ে মোকেই গৌৰৱান্বিত কৰিব।”

11বাহিনীসকলৰ সর্বশক্তিমান যিহোৱা আমাৰ সঙ্গত আছে; যাকোবৰ ঈশ্বৰ আমাৰ আশ্রয়স্থান। (চেলা)

Indian Revised Version (IRV) Assamese © 2017, 2018, 2019 Bridge Connectivity Solutions Pvt. Ltd. Licensed under Creative Commons Attribution-ShareAlike 4.0 International (CC BY-SA 4.0).
/div>