গীতমালা 49:1-19 ASMIRV2019 - Bible AI

1হে সমুদায় জাতি, তোমালোকে এইকথা শুনা;

2উচ্চ-নীচ, ধনী-দুখীয়া সকলোৱে শুনা।

3মোৰ মুখে জ্ঞানৰ কথা কব;

4মই শিক্ষাযুক্ত দৃষ্টান্তবোৰলৈ মনোযোগ দিম;

5মোৰ তাড়নাকাৰীবোৰৰ অপৰাধে যেতিয়া মোক বেৰি ধৰে,

6সেই সকল হৈছে দুষ্ট লোক, যিসকলে ধন-সম্পত্তিত ভাৰসা কৰে আৰু প্রচুৰ ধনৰ বাবে অহংকাৰ কৰে।

7কোনেও কাকো কোনো প্রকাৰে নিজক+ 49:7 নিজ ভাইক* মৃত্যুৰ পৰা মুক্ত কৰিব নোৱাৰে।

8কাৰণ মানুহৰ জীৱনৰ প্রায়শ্চিত্তৰ মূল্য অধিক;

9যাতে তেওঁ সদায় জীয়াই থাকিব পাৰিব আৰু কেতিয়াও মৈদামৰ গাতলৈ নাযাব।

10আমি দেখা পাওঁ যে জ্ঞানী লোকৰো মৃত্যু হয়;

11তেওঁলোকৰ মৈদাম+ 49:11 মনোভাৱ *, তেওঁলোকৰ ঘৰ-বাৰী চিৰস্থায়ী,

12কিন্তু মানুহ ঐশ্বর্যশালী হ’লেও, চিৰস্থায়ী নহয়;

13যিসকলে নিজৰ প্রাচুর্যতাত ভাৰসা কৰে,

14তেওঁলোক চিয়োলৰ কাৰণে নিযুক্ত হোৱা মেৰ-ছাগৰ জাক স্বৰূপ;

15কিন্তু চিয়োলৰ হাতৰ পৰা ঈশ্বৰে মুক্তিৰ মূল্য দি মোৰ প্ৰাণ মুক্ত কৰিব;

16যেতিয়া কোনো মানুহ ধনী হয়, ভয় নাখাবা;

17কিয়নো তেওঁলোকে মৰণৰ কালত একোকে লৈ নাযাব;

18যদিও জীৱন কালত তেওঁলোকে নিজক সুখী বুলি ভাৱে,

19তথাপিও নিজৰ পূর্বপুৰুষসকলৰ ওচৰলৈ তেওঁলোক যাবই লাগিব,

Copyright © 2019 Bridge Connectivity Solutions Pvt. Ltd.
/div>