গীতমালা 54:1-7 ASMIRV2019 - Bible AI

1হে ঈশ্বৰ, তোমাৰ নামৰ দ্বাৰাই মোক উদ্ধাৰ কৰা; তোমাৰ পৰাক্রমেৰে মোৰ দোষ মোচন কৰা।

2হে ঈশ্বৰ, মোৰ প্ৰাৰ্থনা শুনা, মোৰ মুখৰ কথালৈ কাণ দিয়া।

3কিয়নো অন্য জাতিৰ লোকসকল মোৰ বিৰুদ্ধে উঠিছে, হৃদয়হীন+ 54:3 বিদেশী লোকে মোৰ প্ৰাণ লবলৈ বিচাৰিছে; তেওঁলোকে নিজৰ সন্মুখত ঈশ্বৰক ঠাই নিদিয়ে। [চেলা]

4কিন্তু ঈশ্ৱৰ মোৰ সহায়কৰ্তা; ঈশ্বৰেই মোৰ জীৱন ধৰি ৰাখে+ 54:4 সেই ঈশ্বৰ, যিসকলক তেওঁ সাবতি ধৰে।।

5তেওঁ মোৰ শত্ৰুবোৰৰ অপৰাধৰ প্ৰতিশোধ ল’ব; তোমাৰ বিশ্ৱস্ততাত তুমি তেওঁলোকক বিনষ্ট কৰা।

6মই নিজ ইচ্ছাৰে তোমাৰ উদ্দেশ্যে বলি উৎসৰ্গ কৰিম; হে যিহোৱা, মই তোমাৰ নামৰ ধন্যবাদ কৰিম; কিয়নো সেয়ে উত্তম।

7কাৰণ তেওঁ মোক মোৰ সকলো সঙ্কটৰ পৰা উদ্ধাৰ কৰিলে; মোৰ চকুৱে শত্ৰুবোৰৰ ওপৰত মোক জয়ী হোৱা দেখিলে।

Indian Revised Version (IRV) Assamese © 2017, 2018, 2019 Bridge Connectivity Solutions Pvt. Ltd. Licensed under Creative Commons Attribution-ShareAlike 4.0 International (CC BY-SA 4.0).
div>