1যিহোৱাই ৰজা; পৃথিৱীয়ে আনন্দ কৰক;
2তেওঁৰ চাৰিওফালে মেঘ আৰু ঘন অন্ধকাৰে ঘেৰি আছে;
3অগ্নিয়ে তেওঁৰ আগে আগে গমন কৰে;
4তেওঁৰ বিজুলীৰ চমকে জগতখন আলোকময় হ’ল;
5পর্বতবোৰ মমৰ দৰে গলি গ’ল যিহোৱাৰ সন্মুখত,
6আকাশমণ্ডলে তেওঁৰ ধাৰ্মিকতা প্রচাৰ কৰিছে,
7লজ্জিত হওঁক সেইসকল,
8হে যিহোৱা, তোমাৰ ন্যায় বিচাৰৰ কাৰণে চিয়োন আনন্দিত হৈছে,
9হে যিহোৱা, তুমি সমুদায় পৃথিৱীৰে সৰ্ব্বোপৰি জনা;
10যিসকলে দুষ্টতাক ঘিণ কৰে, যিহোৱাই তেওঁলোকক প্ৰেম কৰে+ 97:10 হে যিহোৱাক আৰাধনা কৰা লোক, দুষ্টতাক ঘৃণা কৰিবা।*;
11ধাৰ্মিকৰ কাৰণে পোহৰ সিঁচি দিয়া হয়;