প্ৰকাশিত বাক্য 15:1-7 ASMIRV2019 - Bible AI

1তেতিয়া মই স্বৰ্গত আন এটা মহা-আচৰিত চিন অৰ্থাৎ সাতোটা উৎপাতৰ ওপৰত ক্ষমতা পোৱা সাত জন দূত দেখিলোঁ; সেইবোৰেই শেষ উৎপাত; কিয়নো সেইবোৰত ঈশ্বৰৰ ক্ৰোধ সমাপ্ত হয়।

2পাছত জুইৰে মিহলি হোৱা এখন দৰ্পণ যেন সমুদ্ৰ দেখিলোঁ; আৰু যি সকল সেই পশু আৰু তাৰ প্ৰতিমূৰ্তি আৰু তাৰ নামৰ নম্বৰৰ ওপৰত জয়যুক্ত হ’ল, তেওঁলোকক ঈশ্বৰৰ বীণা লৈ সেই দৰ্পণৰ নিচিনা সমুদ্ৰৰ পাৰত থিয় হৈ থকা দেখিলোঁ;

3সেই লোক সকলে ঈশ্বৰৰ দাস, মোচিৰ গীত+ 15:3 যা 15 আধ্যা৷* আৰু সেই মেৰ-পোৱালিৰ গীত গান কৰি ক’লে,

4আপোনাক কোনে ভয় নকৰিব, হে প্ৰভু

5তাৰ পাছত মই দেখিলোঁ, সেই অতি পবিত্ৰ ঠাইত থকা সাক্ষ্য-তম্বুৰ মন্দিৰ স্বৰ্গত মেলা হ’ল;

6সেই অতি পবিত্ৰ ঠাইৰ পৰা সেই সাতোটা উৎপাতৰ ওপৰত ক্ষমতা পোৱা সাত জন দূত ওলাল; তেওঁলোক শুদ্ধ আৰু উজ্জল মণিৰে বিভূষিত আৰু সোণৰ টঙালিৰে তেওঁলোকৰ বুকু বন্ধা আছিল।

7পাছত সেই চাৰি জীৱিত প্ৰাণীৰ এটাই সেই সাত জন দূতক চিৰকাল জীয়াই থকা ঈশ্বৰৰ ক্ৰোধেৰে পুৰ হোৱা সাতোটা সোণৰ বাটি দিলে।

icle>