পৰমগীত 6:1-13 ASMIRV2019 - Bible AI

1হে নাৰীসকলৰ মাজত পৰম সুন্দৰী, তোমাৰ প্ৰিয় ক’লৈ গ’ল? তোমাৰ প্রিয়তম কোন দিশে গ’ল? আমাক কোৱা, যাতে আমিও তোমাৰ লগতে তেওঁক বিচাৰি যাব পাৰোঁ। প্রিয়াৰ কথা:

2মোৰ প্ৰিয়তম তেওঁৰ উদ্যানলৈ নামি গৈছে, সুগন্ধি মছলাৰ দলিচাখনলৈ; তেওঁ উদ্যানত ঘূৰি ফুৰিবলৈ, আৰু লিলি ফুল গোটাবলৈ গৈছে।

3মই মোৰ প্ৰিয়ৰ, আৰু মোৰ প্ৰিয়ও মোৰেই; তেওঁ লিলি ফুলৰ বনত আনন্দেৰে চৰে। চলোমন আৰু তেওঁৰ কইনাই পৰস্পৰত আনন্দিত হোৱা প্রিয়ৰ কথা:

4হে মোৰ প্ৰিয়া, তুমি তিৰ্চা নগৰৰ নিচিনা সুন্দৰী, যিৰূচালেমৰ নিচিনা মনোৰম, মোক সম্পূর্ণকৈ বিমুগ্ধ কৰিছা।

5তুমি মোৰ পৰা তোমাৰ চকু দুটি আঁতৰ কৰা; কিয়নো সেয়ে মোক ব্যাকুল কৰি তোলে। তোমাৰ চুলিকোছা গিলিয়দ পাহাৰৰ পৰা তললৈ নামি অহা ছাগলীৰ জাকৰ নিচিনা।

6এইমাত্র গা ধুই অহা মাইকী মেৰ-ছাগৰ জাকৰ নিচিনা তোমাৰ দাঁতবোৰ। সিহঁতৰ প্রত্যেকৰে যমজ পোৱালি আছে, আৰু সিহঁতৰ কোনেও নিজৰ পোৱালিক হেৰুৱা নাই।

7ওৰণিৰ তলত তোমাৰ গাল দুখন দুফাল কৰা আধা ডালিমৰ নিচিনা।

8ষাঠিজনী ৰাণী আৰু আশীজনী উপপত্নী, আৰু অসংখ্য যুৱতী থাকিব পাৰে;

9কিন্তু মোৰ কপৌজনী, মোৰ নিখুঁতজনী হ’লে অদ্বিতীয়া; তেওঁ নিজ মাতৃৰ বিশেষ জী, তেওঁক গর্ভত ধাৰণ কৰাজনৰ, তেওঁ আদৰৰ জী। মোৰ গাঁৱৰ জীয়াৰীসকলে তেওঁক দেখি ধন্য বুলিলে; ৰাণী আৰু উপপত্নীসকলে তেওঁক দেখি তেওঁৰ প্ৰশংসা কৰিলে।

10“পুৱাৰ অৰুণৰ দৰে দেখা দিয়া, কোন এইগৰাকী যুৱতী, যি চন্দ্ৰৰ নিচিনা সুন্দৰী, সূৰ্যৰ দৰে উজ্জ্বল আৰু সম্পূর্ণ মোহময়ী?” প্রিয়াৰ কথা:

11মই উপত্যকাৰ নতুনকৈ গজা পুলিবোৰ চাবলৈ, দ্ৰাক্ষালতাই কলি ধৰিছে নে নাই চাবলৈ, আৰু ডালিম ফুলিছে নে নাই, তাক চাবলৈ মই বাদাম গছবোৰৰ উদ্যানখনলৈ নামি গলোঁ।

12মই আনন্দত উত্রাৱল হ’লো, মই বুজি পোৱাৰ আগেয়েই যেন মোৰ ভালপোৱাই মোক মোৰ স্বজন, যুৱৰাজৰ এখন ৰথত বহালে আৰু মই গৈ আছিলোঁ। আন ৰমণীসকলৰ কথা:

13হে চূলম্মীৎ+ 6:13 চূলম্মীৎ নিখুঁত যুৱতী, উলটি আহাঁ, উলটি আহাঁ; আমি যেন তোমাক দেখা পাওঁ, উলটি আহাঁ। প্রিয়ৰ কথা: মহনয়িমৰ+ 6:13 মহনয়িম - অর্থাৎ সৈন্য সমূহ (আদি 32:2, 2 চমূৱেল 17:24, যিহোচূৱা 13:26) নৃত্য চোৱাৰ দৰে, নিখুঁত যুৱতীজনীক আপোনালোকে কিয় চাবলৈ বিচাৰিছে?

Indian Revised Version (IRV) Assamese © 2017, 2018, 2019 Bridge Connectivity Solutions Pvt. Ltd. Licensed under Creative Commons Attribution-ShareAlike 4.0 International (CC BY-SA 4.0).
iv>