মাৰ্কে লিখা শুভবাৰ্তা 12:1-43 ASMIRV2019 - Bible AI

1পাছত+ 12:1 মথি 21:33-46; লূক 20:9-18৷* যীচুৱে দৃষ্টান্তৰে ধর্মীয় নেতা সকলক ক’বলৈ ধৰিলে, “এজন মানুহে দ্ৰাক্ষাবাৰী পাতি, তাৰ চাৰিওফালে বেৰা দিলে আৰু গাত খান্দি তাত আঙুৰৰ ৰস চেপি উলিয়াবৰ বাবে ঘোলনী থলে৷ আৰু এখন টঙি সাজি খেতিয়ক সকলৰ হাতত গতাই দি আন দেশলৈ গ’ল।*

2পাছত তেওঁ বতৰৰ দিনত খেতিয়ক সকলৰ পৰা সেই দ্ৰাক্ষাবাৰীৰ কিছুমান গুটিৰ অংশ পাবলৈ তেওঁলোকৰ ওচৰলৈ এজন দাসক পঠাই দিলে।*

3কিন্তু তেওঁলোকে সেই দাস জনক ধৰি, কোবাই মেলি শুদা-হাতে পঠিয়াই দিলে।*

4পাছত আন এজন দাসক পঠোৱা হ’ল, তাতে তেওঁলোকে সেই দাসক মূৰত আঘাত কৰিলে আৰু অপমানো কৰিলে।*

5পুনৰ আন এজনক পঠোৱাত তেওঁলোকে তেওঁকো বধ কৰিলে৷ এনেদৰে কিছুমানক কোবালে আৰু কিছুমানক বধ কৰিলে।*

6পাছত পঠিয়াবলৈ তেওঁৰ এজন মাথোন ব্যক্তি আছিল, সেই জন হ’ল তেওঁৰ প্ৰিয় পুত্ৰ৷ অৱশেষত তেওঁ, তেওঁকো তেওঁলোকৰ ওচৰলৈ পঠাই দিলে৷ তেওঁ ক’লে, ‘তেওঁলোকে নিশ্চয় মোৰ পুত্ৰক সন্মান কৰিব৷’*

7কিন্তু সেই খেতিয়ক সকলে পৰস্পৰে আলোচনা কৰি কলে, ‘এই জনেই উত্তৰাধিকাৰী; আহা, আমি এওঁক বধ কৰোঁ; তেতিয়া উত্তৰাধিকাৰ আমাৰেই হ’ব’।*

8তেতিয়া তেওঁলোকে তেওঁক ধৰিলে আৰু বধ কৰি, দ্ৰাক্ষাবাৰীৰ বাহিৰত পেলাই দিলে।*+ 12:8 পাঁ 3:15; ইব্ৰী 13:12৷*

9এতেকে শেষত সেই দ্ৰাক্ষাবাৰীৰ গৰাকীয়ে কি কৰিব? তেওঁ আহি, সেই খেতিয়ক সকলক সংহাৰ কৰি সেই বাৰী আন লোকক দিব।*+ 12:9 হিতো 1:24-31; যিচ 5:5-7৷*

10এই ধৰ্মশাস্ত্ৰৰ বচন তোমালোকে পঢ়া নাই নে?*

11এয়ে প্ৰভুৰ পৰা হ’ল*

12তেতিয়া তেখেত সকলে যীচুৰ সেই দৃষ্টান্তটো তেখেত সকলৰ বিপক্ষে কোৱা বুলি জানিবলৈ পাই তেওঁক বন্দী কৰিব খুজিলে কিন্তু লোক সকলকলৈ ভয় কৰি তেওঁক এৰি গুচি গ’ল।

13পাছত যীচুক বাক্যৰূপ ফান্দত ধৰিবৰ আশয়েৰে তেখেত সকলে কিছুমান ফৰীচী আৰু কেইজনমান হেৰোদীয়া লোকক তেওঁৰ ওচৰলৈ পঠালে।

14তেওঁলোকে আহি তেওঁক ক’লে, “হে গুৰু, আমি জানো যে আপুনি কোনো এজনৰে মত মানি নলয় আৰু মানুহৰ মাজত পক্ষপাতো নকৰে৷ আপুনি সত্যৰূপে ঈশ্বৰৰ পথৰ বিষয়ে শিক্ষা দিয়ে৷ চীজাৰক কৰ আদায় দিয়াটো বিধান সন্মত হয় নে নহয়? আমি কৰ আদায় দিম নে নিদিম?”

15কিন্তু তেওঁলোকৰ কপট ভাব বুজি পাই তেওঁ ক’লে, “আপোনালোকে কিয় মোক পৰীক্ষা কৰিছে? মোৰ ওচৰলৈ এটা আধলি*+ 12:15 আধলি দীনাৰ*আনক, মই চাওঁ৷”*

16তেতিয়া তেওঁলোকে এটা আধলি আনি যীচুক দিলে৷ যীচুৱে তেওঁলোকক সুধিলে, “এই প্ৰতিমূৰ্তি আৰু নাম কাৰ?”* তেওঁলোকে তেওঁক ক’লে, “চীজাৰৰ।”

17তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “গতিকে যি চীজাৰৰ, সেয়া চীজাৰক দিয়ক;*+ 12:17 ৰো 13:7; 1 পি 2:17৷*আৰু যি ঈশ্বৰৰ, সেয়া ঈশ্বৰক দিয়ক।”* তেতিয়া তেওঁলোকে তেওঁত অতিশয় বিস্ময় মানিলে।

18পাছত পুনৰুত্থান নাই বুলি কোৱা চদ্দূকী সকল তেওঁৰ ওচৰলৈ আহি তেওঁক সুধিলে,

19“হে গুৰু, মোচিয়ে আমাৰ বাবে লিখিলে ‘কোনো ভাইৰ যদি নিজ ভার্যা জীয়াই থাকোতে মৃত্যু হয়, কিন্তু তেওঁৰ সন্তান নাই; তেনেহলে তেওঁ এৰি যোৱা ভার্যাক তেওঁৰ ভায়ে গ্ৰহন কৰিব আৰু তেওঁক সন্তান দিব৷’

20সেই ঠাইত সাত জন ভাই-ককাই আছিল; প্ৰথম জনে এগৰাকী তিৰোতা বিয়া কৰিলে আৰু সন্তান নথকাকৈ তেওঁৰ মৃত্যু হ’ল।

21তাতে দ্বিতীয় জনেও তেওঁক বিয়া কৰি সন্তান নথকাকৈ তেওঁৰো মৃত্যু হ’ল; পাছত তৃতীয় জনৰো সেইদৰেই হ’ল।

22সেইদৰে সাত জনেই সন্তান নথকাকৈ মৃত্যুবৰণ কৰিলে আৰু অৱশেষত সেই তিৰোতা গৰাকীৰো মৃত্যু হ’ল।

23এতিয়া পুনৰুত্থানত তাই তেওঁলোকৰ মাজৰ কোন জনৰ ভাৰ্যা হ’ব? কিয়নো তাইক সাত জনেই বিয়া কৰাইছিল।”

24যীচুৱে তেওঁলোকক ক’লে, “ধৰ্মশাস্ত্ৰ আৰু ঈশ্বৰৰ পৰাক্ৰমৰ বিষয়ে নজনাতোৱেই হৈছে আপোনালোকৰ ভ্ৰান্তিৰ কাৰণ, নহয় নে?*

25কিয়নো তেওঁলোকে মৃত লোকৰ মাজৰ পৰা যেতিয়া পুনৰায় উঠে, তেতিয়া তেওঁলোকে বিয়া নকৰাই বা বিয়া দিয়াও নহয়, কিন্তু স্বৰ্গত থকা দূতৰ নিচিনা হয়।”*

26“কিন্তু মৃত লোকৰ বিষয়ে অর্থাৎ তেওঁলোকক যে তোলা হয়, এই বিষয়ে তোমালোকে মোচিৰ পুস্তকত থকা জোপোহাৰ বৃত্তান্তটোত ঈশ্বৰে যে কৈছিল,*+ 12:26 যা 3:1-6৷*‘মই অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ, যাকোবৰ ঈশ্বৰ’ বুলি; ঈশ্বৰে মোচিক কেনেকৈ কৈছিল, সেই বিষয়ে পঢ়া নাই নে?*

27তেওঁ মৃত লোকৰ ঈশ্বৰ নহয় কিন্তু জীৱিত লোক সকলৰহে ঈশ্বৰ; আপোনালোকে বৰকৈ ভুল বুজি আছে।”*

28তেতিয়া বিধানৰ অধ্যাপক সকলৰ এজনে আহি, তেওঁলোকে এনে বাদ-বিচাৰ কৰা শুনি দেখিলে যে, যীচুৱে তেওঁলোকক ভালদৰেই উত্তৰ দিলে৷ তেতিয়া তেওঁ যীচুক সুধিলে, “কোনটো আজ্ঞা সকলোতকৈ প্রয়োজনীয়?”

29যীচুৱে উত্তৰ দিলে, “প্ৰথমটো এই, ‘হে ইস্ৰায়েল, শুনা; প্ৰভুৱেই আমাৰ ঈশ্বৰ আৰু তেওঁ এজন,*

30আৰু তুমি সকলো হৃদয়, সকলো প্ৰাণ, সকলো চিত্ত আৰু সকলো শক্তিৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা’।*+ 12:30 দ্ৱি বি 6:4, 5; লে 9:18৷*

31দ্বিতীয়টো এই, ‘তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা’। এই দুটাতকৈ প্ৰধান আন আজ্ঞা নাই।”*

32তেতিয়া সেই বিধানৰ অধ্যাপকে তেওঁক ক’লে, “হে সৎ গুৰু! আপুনি সত্য কথাই কৈছে; প্রকৃততে তেওঁ এজন, তেওঁৰ বাহিৰে আন কোনো নাই;

33আৰু সকলো হৃদয়, সকলো বুদ্ধি আৰু সকলো শক্তিৰে তেওঁক প্ৰেম কৰা আৰু নিজৰ নিচিনাকৈ চুবুৰীয়াক প্ৰেম কৰা, এয়ে সকলো হোমবলি বা বলিদানতকৈয়ো অধিক।”+ 12:33 1 চ 15:22; গীত 51:16, 17; হো 6:6; মী 5:6-8৷*

34তাতে যীচুৱে তেওঁক সু-বিবেচনাৰে উত্তৰ দিয়া দেখি ক’লে, “তুমি ঈশ্বৰৰ ৰাজ্যৰ পৰা দূৰৈত নাই।”* তেতিয়াৰে পৰা তেওঁক পুনৰ কোনো কথা সুধিবলৈ কাৰো সাহস নহ’ল।

35পাছত যীচুৱে মন্দিৰত বহি উপদেশ দিওঁতে, সমিধান দি সেই লোক সকলক ক’লে, “খ্ৰীষ্ট যে দায়ুদৰ সন্তান, এই বিষয়ে বিধানৰ অধ্যাপক সকলে কেনেকৈ কব পাৰে?*

36কিয়নো দায়ুদে পবিত্ৰ আত্মাৰে নিজে কৈছিল,*

37দায়ুদে নিজেই তেওঁক ‘প্ৰভু’ বুলিছিল, তেনেহলে তেওঁ কেনেকৈ তেওঁৰ সন্তান হয়?” আৰু লোক সমূহে আনন্দেৰে তেওঁৰ কথা শুনিলে।*

38তেতিয়া তেওঁৰ উপদেশৰ মাজত ক’লে, “বিধানৰ অধ্যাপক সকললৈ আপোনালোক সাৱধান হওক; তেখেত সকলে দীঘল বস্ত্ৰ পিন্ধি ফুৰিবলৈ*

39আৰু হাত-বজাৰত নমস্কাৰ, নাম-ঘৰত প্ৰধান আসন, ভোজত প্ৰধান ঠাই,*

40এই সকলোকে ইচ্ছা কৰে আৰু বাঁৰী মহিলা সকলৰ ঘৰ-বাৰী গ্ৰাস কৰি দীঘল প্ৰাৰ্থনাৰে ছদ্মবেশ ধৰে৷ তেখেত সকল অধিক দণ্ডৰ পাত্ৰ হব।”*

41পাছত যীচুৱে ভঁৰালৰ সন্মুখত বহি, লোক সকলে দান পাত্ৰত কেনেকৈ ধন সুমুৱাইছিল, তাকে চাই আছিল। তেতিয়া অনেক ধনী লোকে বহু ধন সুমুৱাই দিলে।

42পাছত এজনী দৰিদ্ৰ বাঁৰী মহিলাই আহি অতি কম মূল্যৰ তামৰ মুদ্ৰাৰ দুই পাই সুমুৱাই দিলে।

43তেতিয়া যীচুৱে তেওঁ নিজৰ শিষ্য সকলক ওচৰলৈ মাতি ক’লে, “মই তোমালোকক স্বৰূপকৈ কওঁ, দান পাত্ৰত ধন সুমুৱাই দিয়া লোক সকলৰ ভিতৰত এই দৰিদ্ৰ বাঁৰী মহিলা গৰাকীয়ে সকলোতকৈ অধিক দিলে।*+ 12:43 লূক 21:1-4; 2 কৰি 8:2, 12; দ্ৱি বি 16:10, 17৷*

er>