যিচয়া 22:1-25 ASMIRV2019 - Bible AI

1উপত্যকা+ 22:1 অৰ্থাৎ যিৰূচালেমৰৰ বিষয়ে দেখা দৰ্শনৰ ঘোষণা। তোমালোক সকলোৱে ঘৰৰ চালত কিহৰ বাবে উঠিলা?

2কোলাহলপূৰ্ণ নগৰ, হে উল্লাসপ্ৰিয় নগৰ, তোমালোকৰ মৃতবোৰ তৰোৱালেৰে হ’ত হোৱা নাই, আৰু তেওঁলোক যুদ্ধতো মৰা নাই।

3তোমালোকৰ শাসনকৰ্ত্তাসকল একেলগে পলাই গ’ল, কিন্তু তেওঁলোকক বিনা ধনুৰে ধৰা হ’ল; তেওঁলোকক সকলোকে বন্দী কৰা হ’ল, তেওঁলোকে দূৰলৈ পলাইছিল।

4সেই বাবে মই ক’লো, “মোলৈ দৃষ্টি নকৰিবা, মই সন্তাপেৰে ক্ৰন্দন কৰিম; মোৰ লোকসকল জীয়াৰীৰ সৰ্বনাশৰ বাবে মোক শান্তনা দিবলৈ চেষ্টা নকৰিবা।

5কিয়নো বাহিনীসকলৰ প্ৰভু যিহোৱাৰ বাবে ইয়াত এটা বিক্ষোভ, পদদলিত কৰা দিন উপস্থিত হৈছে, দৰ্শনৰ উপত্যকাত, দেৱালবোৰ ভঙা হৈছে, আৰু আটাহ পৰাৰ শব্দ পৰ্ব্বতলৈকে গৈছে।

6এলমে ৰথ আৰু অশ্বাৰোহীৰ সৈতে তূণ লৈ গৈছে, আৰু কীৰ ঢাল খুলিছে।

7তোমালোকৰ মনোৰম্য উপত্যকা অহাৰ বিষয়ে ৰথবোৰেৰে পৰিপূৰ্ণ হ’ব, আৰু অশ্বাৰোহীসকলে ৰাজদুৱাৰত নিজৰ স্থান ল’ব।”

8তেওঁ যিহূদাৰ সুৰক্ষা আতৰালে; আৰু সেই দিনা তোমালোক জংঘলৰ ৰাজপ্রাসাদত থকা অস্ত্ৰশস্ত্র দেখিছিলা;

9তোমালোক দায়ূদৰ নগৰৰ বিচ্ছেদ দেখিলা সেইবোৰ অনেক আছিল; আৰু তোমালোক পুখুৰীৰ তলৰ পানীবোৰ গোটালা।

10তোমালোকে যিৰূচালেমৰ ঘৰবোৰ গণনা কৰিলা, আৰু নগৰৰ গড় সুদৃঢ় কৰিবৰ বাবে তাৰ ঘৰবোৰ ভাঙি পেলালা;

11তোমালোকে পুৰণি পুখুৰীৰ পানীৰ বাবে দেৱাল দুটাৰ মাজত এটা জলাধাৰ তৈয়াৰ কৰিলা। কিন্তু যি জনে বহু দিন আগতে এই পৰিকল্পনা কৰিছিল সেই জনলৈ তোমালোকে দৃষ্টি নকৰিলা,

12সেইদিনা বাহিনীসকলৰ প্ৰভু যিহোৱাই, কান্দিবলৈ, বিলাপ কৰিবলৈ, মূৰ টকলা কৰিবলৈ, আৰু চট কাপোৰ কঁকালত বান্ধিবলৈ মাতিছিল;

13কিন্তু চোৱা, তাৰ পৰিৱৰ্তে উৎসৱ উদযাপন, উল্লাস, পহু বধ, মেৰ-ছাগ বলি, মাংস-ভোজন, আৰু দ্ৰাক্ষাৰস পান কৰা চলি আছিল; “আহাঁ, আমি ভোজন পান কৰোঁহক, কিয়নো কাইলৈ আমি মৰিম।”

14মই শুনা বাহিনীসকলৰ যিহোৱাৰ দ্বাৰাই কোৱা কথা এই, “তোমালোকৰ এই অপৰাধ ক্ষমা কৰা নহ’ব, এনে কি, তোমালোকে মৰিলেও নহ’ব” এইয়ে বাহিনীসকলৰ যিহোৱা প্ৰভুৰ কোৱা কথা।

15বাহিনীসকলৰ যিহোৱা প্ৰভুৱে এইদৰে কৈছে, “চেবনাৰ বংশৰ ওপৰত থকা তত্বাৱধায়কৰ ওচৰলৈ যোৱা আৰু কোৱা,

16‘ইয়াত তোমাৰ কি আছে, আৰু তুমি কোন, যে তুমি ইয়াত নিজৰ বাবে এটা মৈদাম খানিলা? সিও নিজৰ বাবে এটা মৈদাম খানিলে, নিজৰ বাবে শিলত এটা বিশ্রামস্থান ক্ষোদিত কৰিলে’।”

17চোৱা, যিহোৱাই তোমাক দলিয়াই পেলাব, পৰাক্রমী জন তললৈ দলিয়াই পেলাব, তেওঁ তোমাক দুৰ্লভভাবে হাতেৰে মুচৰিব।

18তেওঁ নিশ্চয়কৈ তোমাক গুল গুলকৈ নুৰিয়াই বলৰ দৰে গোল কৰি বহল দেশত পেলাই দিব; তোমাৰ প্ৰভুৰ বংশক লাজ দিয়া জন যি তুমি, তুমি সেই ঠাইত মৰিবা, আৰু তোমাৰ তেজস্বী ৰথবোৰ তাত থাকিব।

19“মই তোমাক তোমাৰ কাৰ্যালয়ৰ পৰা আৰু তোমাৰ স্থানৰ পৰা খেদিম। তোমাক তলত পেলাই দিয়া হ’ব।

20সেই দিনা অহাৰ সময়ত, মই মোৰ দাস হিল্কিয়াৰ পুত্ৰ ইলিয়াকীমক মাতিম;

21মই তোমাৰ ৰাজবস্ত্ৰ, আৰু তোমাৰ টঙালি তেওঁক পিন্ধাম, আৰু মই তোমাৰ ক্ষমতাৰ ভাৰ তেওঁৰ হাতত অৰ্পণ কৰিম। তেওঁ যিৰূচালেম নিবাসীসকলৰ আৰু যিহূদা বংশৰ পিতৃস্বৰূপ হ’ব।

22মই দায়ূদৰ বংশৰ চাবি তেওঁৰ কান্ধত দিম; তাতে তেওঁ খুলিব, আৰু কোনেও বন্ধ নকৰিব, তেওঁ বন্ধ কৰিব, আৰু কোনেও নোখুলিব।

23মই সুৰক্ষিত স্থানত তেওঁক গজাল স্বৰূপে মাৰিম; আৰু তেওঁ নিজৰ পিতৃৰ বংশলৈ গৌৰৱৰ আসন স্বৰূপ হ’ব।

24তেওঁৰ পিতৃ-বংশৰ সকলো গৌৰৱ, সন্তান সকল আৰু বংশধৰ, প্রতিটো সৰু পাত্র, আৰু পিয়লাৰ পৰা সকলো কলহলৈকে তেওঁলোকে নিজৰ ওপৰত আৰি থ’ব।

25সেই দিনা বাহিনীসকলৰ যিহোৱাই কৰা ঘোষণা এই, “দৃঢ় স্থানত মৰা খুটিটো খহি পৰিব, বিছিন্ন হ’ব, পতিত হ’ব, আৰু তাৰ ওপৰত আৰি থোৱা ভাৰ বিচ্ছিন্ন হ’ব” কিয়নো যিহোৱাই এই কথা ক’লে।

Indian Revised Version (IRV) Assamese © 2017, 2018, 2019 Bridge Connectivity Solutions Pvt. Ltd. Licensed under Creative Commons Attribution-ShareAlike 4.0 International (CC BY-SA 4.0).
div>