যিচয়া 23:1-18 ASMIRV2019 - Bible AI

1তূৰৰ বিষয়ে কৰা ঘোষণা: হে তৰ্চীচৰ জাহাজবিলাক, হাহাকাৰ কৰা; কিয়নো ঘৰ কি সোমোৱা বাট একোৱেই নাই; কিত্তীম দেশৰ পৰা তেওঁলোকলৈ ইয়াক প্ৰকাশ কৰা হ’ল।

2হে দ্বীপ-নিবাসীসকল, তোমালোক নিমাত হৈ থাকা; চীদোনীয়া বণিকসকল সমুদ্ৰ পাৰ হৈ আহি তোমাক যোগান ধৰিছিল।

3চীহোৰৰ উৎপন্ন দ্ৰব্য মহাজলত আছিল, নীল নদীৰ শস্য তাৰ আয় হৈছিল; আৰু সেয়ে দেশবাসীসকলৰ বজাৰ কৰা ঠাই আছিল।

4হে চীদোন, তুমি লজ্জিত হোৱা; কিয়নো সাগৰে কৈছে, সমুদ্ৰৰ দৃঢ় কোঁঠে কৈছে, “মই প্ৰসৱ কৰা নাই, মই সন্তান জন্ম দিয়া নাই, মই ডেকাসকলক প্ৰতিপালন কৰা নাই, নাইবা যুৱতীসকলক ডাঙৰ দীঘল কৰা নাই।”

5যেতিয়া বাৰ্ত্তা মিচৰ দেশলৈ আহিব, তেতিয়া তেওঁলোক তূৰৰ বিষয়ে অতিশয় দুখিত হ’ব।

6তোমালোকে তৰ্চীচলৈ পাৰ হৈ যোৱা, হে দ্বীপ নিবাসীসকল, হাহাকাৰ কৰা।

7হে উল্লাস কৰা নগৰ তোমাৰ সৈতে এইদৰে হ’ল নে? যাৰ উৎপত্তি প্ৰাচীন কালৰ পৰা আছে।

8যাৰ বনিকসকল ৰাজপুত্র, যাৰ বেপাৰীসকল পৃথিৱীৰ মান্যৱন্ত লোক, সেই ৰাজমুকুট দিয়া তূৰ নগৰৰ বিৰুদ্ধে কোনে এই কল্পনা কৰিলে?

9বাহিনীসকলৰ যিহোৱাই তেওঁৰ অহংকাৰ অমৰ্যাদা কৰিবলৈ, আৰু তেওঁৰ সকলো গৌৰৱ, আৰু পৃথিৱীৰ মান্যৱন্ত লোকক অপমানিত কৰিবলৈ পৰিকল্পনা কৰিছে।

10হে তৰ্চীচ জীয়াৰী নীল নদীৰ দৰে তোমালোক দেশত হাল বোৱা; তোমাৰত বহু দিনলৈকে বজাৰৰ ঠাই নাই।

11যিহোৱাই সমুদ্ৰৰ ওপৰত নিজৰ হাত মেলিলে, তেওঁ ৰাজ্যবোৰ জোকাৰিলে, যিহোৱাই কনান+ 23:11 আন নাম ফ’নেইচিয়াৰ বিষয়ে তাৰ দুৰ্গবোৰ বিনষ্ট কৰিবলৈ আজ্ঞা দিলে।

12তেওঁ ক’লে, “চীদোনৰ নিৰ্যাতিতা কুমাৰী জীয়াৰী, তুমি আৰু উল্লাস নকৰিবা, উঠা, কিত্তীমলৈ পাৰ হৈ যোৱা; কিন্তু তাতো তুমি জিৰণি নাপাবা।

13কলদীয়া+ 23:13 আন নাম বেবিলনসকলৰ দেশ চোৱা; সেই লোকসকল আৰু নাই; অচূৰীয়া লোকে বনৰীয়া জন্তুৰ বাবে ইয়াক আৰণ্য নিৰূপণ কৰিলে; সিহঁতে আক্ৰমণ কৰিবৰ অৰ্থে ওখ দ’ম স্থাপন কৰিলে; সিহঁতে তাৰ অট্টালিকাবোৰ ধ্বংস কৰিলে; সিহঁতে তাক ভগ্নৰাশি কৰিলে।

14হে তৰ্চীচৰ জাহাজবিলাক, হাহাকাৰ কৰা; কিয়নো তোমালোকৰ আশ্ৰয় উচ্ছন্ন হ’ল।

15সেই সময়ত, ৰজাৰ ৰাজত্বকাল দৰে তূৰ নগৰক সত্তৰ বছৰ পহৰা যাব; সত্তৰ বছৰৰ পাছত তূৰ নগৰৰ দশা বেশ্যাৰ গীতৰ দৰে হ’ব।

16“হে বিস্মৃতা বেশ্যা, বীণা লৈ নগৰ খন ফূৰা; তোমাৰ স্মৰণ ৰাখিবৰ বাবে মনোহৰ বাদ্য বজোৱা, অনেক গীত গোৱা।”

17সত্তৰ বছৰৰ পাছত যিহোৱাই তূৰক সহায় কৰিব; আৰু তেওঁ নিজৰ লাভ জনক ব্যৱসায় পুনৰায় কৰিব, আৰু ৰাজ্যৰ সকলোতে আৰু পৃথিৱীৰ সকলো ৰাজ্যে সৈতে বেশ্যা কৰ্ম কৰিব।

18তেওঁৰ উপাৰ্জন আৰু আয় যিহোৱাৰ উদ্দেশ্যে ৰখা হ’ব; সেয়ে ভঁৰালত গোটাই থোৱা বা সাঁচি ৰখা নহ’ব; কিয়নো তেওঁৰ উপাৰ্জন যিহোৱাৰ সন্মুখত বাস কৰাসকলৰ অৰ্থে যথেষ্ঠ পৰিমাণে খাবৰ বাবে আৰু সুন্দৰ বস্ত্ৰৰ বাবে ব্যৱহাৰ হ’ব।

Indian Revised Version (IRV) Assamese © 2017, 2018, 2019 Bridge Connectivity Solutions Pvt. Ltd. Licensed under Creative Commons Attribution-ShareAlike 4.0 International (CC BY-SA 4.0).
div>