যিচয়া 35:1-10 ASMIRV2019 - Bible AI

1মৰুপ্রান্ত আৰু নিৰ্জন ঠাইবোৰ আনন্দিত হ’ব, আৰু গোলাপ ফুলৰ দৰে, মৰুভূমি ফুল ফুলিব আৰু প্ৰফুল্লিত হ’ব।

2প্রচুৰ পৰিমানে ফুলিব, আনন্দ আৰু গানেৰে সৈতে উল্লাসিত হ’ব; লিবানোনৰ গৌৰৱ, কৰ্মিল আৰু চাৰোণৰ মহিমা তাক দিয়া হ’ব; তেওঁলোকে যিহোৱাৰ গৌৰৱ, আৰু আমাৰ ঈশ্বৰৰ জ্যোতি দেখিবলৈ পাব।

3তোমালোকে দুৰ্ব্বল হাত সবল কৰা, আৰু কঁপা আঠু সুস্থিৰ কৰা।

4ভয়াতুৰ মনৰ লোকক কোৱা, “শক্তিশালী হোৱা, ভয় নকৰিবা! চোৱা, তোমালোকৰ ঈশ্বৰ প্ৰতিকাৰৰ সৈতে, প্ৰতিফল দিবলৈ আহিব; তেওঁ আহিব আৰু তোমালোকক উদ্ধাৰ কৰিব।”

5তেতিয়া অন্ধসকলে চকুৰে দেখিব, আৰু কাণেৰে নুশুনাসকলে কাণেৰে শুনিব,

6সেই সময়ত খোৰাসকলে হৰিণীৰ দৰে জাঁপ মাৰিব, আৰু বোবাসকলৰ জিভাই গান গাব, কাৰণ মৰুভূমিৰ পৰা পানীৰ ভুমুক আৰু মৰুপ্রান্তৰত জুৰিবোৰ ওলাব।

7জলন্ত বালি গভীৰ জলাশয় হ’ব, আৰু খৰাং মাটি পানীৰ ভুমুক হ’ব; শিয়ালৰ বাসতিস্থান, য’ত এসময়ত সিহঁত শুইছিল, তাত নল খাগৰি আৰু কুঁহিলাৰ ঘাঁহনি হ’ব।

8তাত থকা ৰাজপথবোৰ পবিত্ৰ পথ বুলি মতা হ’ব। সেই পথেদি কোনো অশুচি লোকে যাত্রা নকৰিব। কিন্তু যি সকলে ইয়াত অহা-যোৱা কৰিব তেওঁলোকৰ বাবেহে হ’ব, কোনো মূর্খব্যক্তি সেই পথত নাযাব।

9সেই ঠাইত সিংহ নাথাকিব, কোনো হিংস্র জন্তু তাত নাথাকিব, তাত সিহঁতক পোৱা নাযাব, কিন্তু উদ্ধাৰ পোৱা সকলে তাত অহা যোৱা কৰিব।

10যিহোৱাৰ মুক্তিপণ ঘূৰি আহিব, আৰু গীত গানেৰে সৈতে চিয়োনলৈ আহিব; তেওঁলোকৰ মুৰত চিৰস্থায়ী আনন্দৰ মুকুট হ’ব; উল্লাস আৰু আনন্দই তেওঁলোকক লগ ধৰিব; শোক আৰু হুমুনিয়াহ দূৰ হৈ যাব।

Indian Revised Version (IRV) Assamese © 2017, 2018, 2019 Bridge Connectivity Solutions Pvt. Ltd. Licensed under Creative Commons Attribution-ShareAlike 4.0 International (CC BY-SA 4.0).
div>