যিচয়া 4:1-5 ASMIRV2019 - Bible AI

1সেই দিনা সাত গৰাকী মহিলাই এজন পুৰুষক ধৰিব,

2সেই দিনা যিহোৱাৰ শাখা সৌন্দৰ্যময়, প্ৰতাপী, আৰু পৃথিৱীত উৎপন্ন হোৱা ফল সুস্বাদু হ’ব আৰু ইস্রায়েলৰ ৰক্ষা পোৱা সকলৰ বাবে আনন্দদায়ক হ’ব।

3তেতিয়া চিয়োন আৰু যিৰূচালেমত থকা অৱশিষ্ট লোকসকলৰ নাম জীৱন পুস্তকত লিখা থাকিব, আৰু তেওঁলোক প্রতিজনকে পবিত্ৰ বুলি কোৱা হ’ব।

4ন্যায়ৰ আত্মাৰ দ্বাৰাই আৰু জ্বলি থকা জুইৰ আত্মাৰ দ্বাৰাই প্ৰভুৱে যেতিয়া চিয়োন জীয়াৰীসকলৰ কলুষ ধুই পেলাব, আৰু যিৰূচালেমৰ মাজৰ পৰা তেজৰ দাগ পৰিস্কাৰ কৰিব।

5তেতিয়া যিহোৱাই চিয়োন পৰ্ব্বতৰ সকলো ঠাই, আৰু তাৰ সকলো সমবেত হোৱা ঠাইৰ ওপৰত দিনত মেঘ আৰু ধোঁৱাৰে, আৰু ৰাতি জ্বলন্ত অগ্নিশিখাৰ পোহৰৰ দ্বাৰাই সমুদায় প্ৰতাপৰ ওপৰত এখন চন্দ্ৰতাপ হ’ব।

Copyright © 2019 Bridge Connectivity Solutions Pvt. Ltd.
v>