যিচয়া 41:1-29 ASMIRV2019 - Bible AI

1হে দ্বীপবোৰ, মোৰ আগত নিজম দি শুনা, দেশবাসীয়ে নতুন বল পাওক; তেওঁলোকক ওচৰত আহি কথা পাতিব দিয়া, আহাঁ আমি একে লগে বিবাদৰ বিচাৰলৈ যাওহঁক।

2কোনে পূব দিশত এজনক উত্তেজিত কৰিলে? ধাৰ্মিকতা কাৰ্য কৰিবলৈ কোনে তেওঁক নিজৰ ভৰিৰ ওচৰলৈ মাতিছে+ 41:2 কোৰচ নামৰ পাৰস্যৰ ৰজাই। প্ৰসংগত চাওক যিচয়া 45: 1? তেওঁ সেই জনৰ আগত দেশবসীক শোধাই দিছে, আৰু তেওঁক ৰজাসকলৰ পৰাভূত কৰাইছে; তেওঁ তেওঁলোকক তৰোৱালেৰে ধুলিৰ দৰে আৰু তেওঁৰ ধনুৰে উৰি যোৱা নৰাৰ দৰে কৰিছে।

3তেওঁ তেওঁলোকৰ পাছে পাছে খেদি গৈছে, আৰু তেওঁ বাটত ভৰি নিদিয়াকৈ নিৰাপদে আগ বাঢ়ি গৈছে।

4কোনে সেই কাৰ্য কৰিলে আৰু তাক সিদ্ধও কৰিলে? কোনে আৰম্ভণীৰে পৰা প্রজন্মক উৎপন্ন কৰে? প্ৰথম যি মই, আৰু শেষৰ সঙ্গী যি মই যিহোৱা, ময়েই সেই জনা।

5দ্বীপবোৰে দেখি ভয় কৰিলে, পৃথিৱীৰ অন্তবোৰ কঁপিল; সিহঁত ওচৰ চাপি আহিল।

6প্ৰতিজনে নিজৰ ওচৰ চুবুৰীয়াক সহায় কৰিলে, আৰু প্রতিজনে ইজনে আন জনক ক’লে, ‘সাহ কৰা।’

7সেই দৰে বাঢ়ৈয়ে সোণাৰীক, আৰু হাতুৰীৰে কাম কৰা জনক নিয়াৰিত খুন্দা জনক সাহস দিলে। ঢালাই কৰাৰ বিষয়ে ক’লে, এইটো উত্তম; আৰু সি গজাল মাৰি তাক সংলগ্ন কৰিলে যাতে সেইয়া তলত নপৰে।

8কিন্তু হে মোৰ দাস ইস্ৰায়েল, যাকোব যাক মই মনোনীত কৰিলোঁ, মোৰ বন্ধু অব্ৰাহামৰ সন্তান,

9যাক মই পৃথিৱীৰ অন্তৰ পৰা হাতেৰে ধৰি আনিলো, আৰু যাক মই অতি দূৰৰ পৰা মাতিলো আনিলো, যাক মই ক’লো, ‘তুমি মোৰ দাস;’ মই তোমাক মনোনীত কৰিলোঁ আৰু তোমাক ত্যাগ কৰা হোৱা নাই।

10ভয় নকৰিবা, কাৰণ মই তোমাৰ লগত আছোঁ; ব্যাকুল নহ’বা, কাৰণ মই তোমাৰ ঈশ্বৰ; মই তোমাক শক্তি দিম, মই তোমাক সহায় কৰিম, আৰু মোৰ বিজয় যুক্ত সোঁ হাতেৰে তোমাক ধৰি ৰাখিম।

11চোৱা, যিসকলে তোমাৰ বিৰুদ্ধে ক্রোধ কৰিছে, সেই সকলোৱে লাজ পাই বিবৰ্ণ হ’ব; যিসকলে তোমাক প্রতিবাদ কৰে, তেওঁলোক একো নোহোৱা যেন হ’ব, আৰু বিনষ্ট হ’ব;

12যিসকলে তোমাৰ বিৰোধ কৰে, তেওঁলোকক তুমি বিচাৰি নাপাবা; যিসকলে তোমাৰ লগত যুদ্ধ কৰে, তেওঁলোক শূন্য আৰু একো নোহোৱা যেন হ’ব।

13কিয়নো তোমাৰ ঈশ্বৰ যিহোৱা যি মই, ময়েই তোমাৰ সোঁ হাতত ধৰোঁ, আৰু কওঁ, ‘ভয় নকৰিবা; ময়েই তোমাক সহায় কৰিম।’

14হে পোক যাকোব, হে ইস্ৰায়েল লোকসকল, ভয় নকৰিবা; যিহোৱাই কৈছে “ময়েই তোমাক সহায় কৰিম” আৰু ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাই তোমাৰ মুক্তিদাতা।

15চোৱা, মই তোমাক এক নতুন চোকা দাঁত থকা মৰণা মৰা যন্ত্ৰস্বৰূপ কৰিম; তুমি পৰ্ব্বতবোৰ মৰণা মাৰি গুড়ি কৰিবা, আৰু পাহাৰবোৰক তুহঁৰ দৰে কৰিবা।

16তুমি সেইবোৰক জাৰিবা, আৰু বতাহে সেইবোৰক উড়ুৱাই নিব, আৰু বা’মৰলী বতাহে সেইবোৰক সিঁচৰিত কৰিব; কিন্তু তুমি যিহোৱাত উল্লাস কৰিবা, তুমি ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাত গৌৰৱ কৰিবা।

17দুখী আৰু অভাৱীসকলে পানী বিচাৰে কিন্তু তাত পানী নাই, আৰু তেওঁলোকৰ জিভা পিয়াহতে শুকাই যায়; মই যিহোৱাই তেওঁলোকৰ প্ৰাৰ্থনাৰ শুনিম, মই ইস্ৰায়েলৰ ঈশ্বৰ তেওঁলোকক ত্যাগ নকৰিম।

18মই এঢলীয়া স্থানৰ পৰা তললৈ যোৱাকৈ নদীবোৰ, আৰু উপত্যকাৰ মাজত ভুমুকবোৰ উলিয়াম; মই মৰুভূমিক এক জলাশয় কৰিম, আৰু খৰাং মাটিক ভুমুকেৰে পৰিপূৰ্ণ কৰিম।

19মই অৰণ্যত বনৰীয়া এৰচ, বাবল, মেন্দি আৰু জলফাই গছ ৰুম; আৰু মৰুভূমিত দেৱদাৰু, তিধৰ, তাচুৰ গছ একেলগে ৰুই থম।

20যিহোৱাই নিজ হাতে যে, এই কাৰ্য কৰিলে, আৰু ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাই যে তাক সৃষ্টি কৰিলে, ইয়াক লোকসকলে যেন দেখিব আৰু বিবেচনা কৰি একে সময়তে বুজিব পাৰে, এনে অভিপ্ৰায়েৰে মই সেই কাৰ্য কৰিম।

21যিহোৱাই কৈছে, “তোমালোকৰ গোচৰ উপস্থিত কৰা,” যাকোবৰ ৰজাই কৈছে, “তোমালোকৰ মুৰ্ত্তিৰ বাবে দৃঢ় প্ৰমাণ আনা।”

22তেওঁলোকক তেওঁলোকৰ প্রমাণ আমালৈ আনিবলৈ দিয়া হওক, আৰু আগলৈ কি ঘটিব, তাক আমাৰ আগত প্ৰকাশ কৰিবলৈ দিয়া হওক; সেয়ে আমি এই সকলো ভালদৰে বুজিব পাৰিম। আগেয়ে কৰা ভবিষ্যতবাণী আমাক কোৱা হওক, সেয়ে আমি তেওঁলোকৰ ওপৰত প্রতিফলিত কৰিম আৰু তেওঁলোকে কিদৰে সিদ্ধ কৰিব তাক জানিম।

23তোমালোক যে ঈশ্বৰ, ইয়াক আমি জানিবলৈ ভবিষ্যতে কি ঘটিব, তাক প্ৰকাশ কৰা; আমি যাতে শঙ্কিত আৰু বিস্ময় মানি দেখিবৰ বাবে তোমালোকে মঙ্গল বা অমঙ্গল কৰা।

24চোৱা, তোমালোকৰ মুৰ্ত্তিবোৰ একো নহয়, আৰু তোমালোকৰ কাৰ্যও একো নহয়; তোমালোকক মনোনীত কৰা জন ঘৃণনীয়।

25মই উত্তৰ দিশত এজনক উৎপন্ন কৰিলোঁ, আৰু তেওঁ আহিছে; মোৰ নাম লোৱা জনক সূৰ্য উদয় হোৱা ফালে মই মাতিলোঁ; বোকা গচকাৰ দৰে, আৰু কুমাৰে মাটি খচাৰ দৰে, তেওঁ শাসনকৰ্ত্তাসকলক গচকিব।

26কোনে ইয়াক আদিৰে পৰা প্ৰকাশ কৰিলে? আৰু কোনে আগতে কৰিলে? সেই কথা জানিবৰ বাবে, যাতে আমি ক’ব পাৰোঁ “তেওঁ সত্য” বাস্তৱিকতে তেওঁলোকৰ কোনোৱে এই আজ্ঞা দিয়া নাছিল, তুমি কোৱা কথা কোনো শুনা নাছিল।

27মই প্ৰথমে চিয়োনক কৈছিলোঁ, “ইয়াত এওঁলোকক চোৱা,” মই এজন প্ৰচাৰক যিৰূচালেমলৈ পঠালোঁ।

28যেতিয়া মই চালোঁ, তাত কোনো এজনো নাই; ভাল পৰামৰ্শ দিব পৰা কোনো এজনো তেওঁলোকৰ মাজত নাই, মই সুধিলে উত্তৰত এটা শব্দ ক’ব পৰা কোন আছে।

29চোৱা, তেওঁলোকৰ সকলোৱে অসাৰ, আৰু তেওঁলোকৰ কাৰ্যও অসাৰ; তেওঁলোকৰ সাঁচত ঢলা মুৰ্ত্তিবোৰ ভাপ আৰু শূন্য মাথোন।

Indian Revised Version (IRV) Assamese © 2017, 2018, 2019 Bridge Connectivity Solutions Pvt. Ltd. Licensed under Creative Commons Attribution-ShareAlike 4.0 International (CC BY-SA 4.0).
div>