যোনা 1:1-17 ASMIRV2019 - Bible AI

1অমিত্তয়ৰ পুত্ৰ যোনালৈ যিহোৱাৰ এই বাক্য আহিল; তেওঁ ক’লে

2“তুমি উঠা, মহানগৰ নীনবিলৈ গৈ তাৰ বিৰুদ্ধে প্ৰচাৰ কৰা; কিয়নো সিহঁতৰ দুষ্টতা মোৰ ওচৰ আহি পালে।

3কিন্তু যোনাই যিহোৱাৰ সন্মুখৰ পৰা তৰ্চীচলৈ পলাই যাবৰ কাৰণে যাফোলৈ নামি গ’ল আৰু তাত তৰ্চীচলৈ যোৱা এখন জাহাজ পালে। তেওঁ যিহোৱাৰ সন্মুখৰ পৰা পলাই যাবলৈ জাহাজ খনত ভাড়া দি উঠিল আৰু তর্চীচলৈ যাত্রা কৰিলে।

4কিন্তু যিহোৱাই সাগৰলৈ প্রবল বতাহ পঠিয়াই দিলে; তাতে সাগৰত ভয়ঙ্কৰ ধুমুহা হ’ল আৰু জাহাজ খন ভাঙি যোৱাৰ উপক্রম হ’ল।

5তেতিয়া নাবিকসকলৰ অতিশয় ভয় লাগিল আৰু সকলোৱে নিজৰ নিজৰ দেৱতাৰ আগত চিঞঁৰি কাতৰোক্তি কৰিবলৈ ধৰিলে। জাহাজৰ ওজন কমাবলৈ তেওঁলোকে জাহাজত থকা মালবস্তুবোৰ সাগৰত পেলাই দিলে। কিন্তু যোনাই হ’লে জাহাজৰ তলৰ ফালে নামি গৈ অন্তর্ভাগত শুই পৰিল আৰু তেওঁ ঘোৰ টোপনিত আছিল।

6তেতিয়া জাহাজৰ অধিনায়ক জনে যোনাৰ ওচৰলৈ আহি ক’লে, “হেৰি! কি কৰি আছে, আপুনি টোপনি গৈছে? উঠক, আৰু আপোনাৰ দেৱতাক মাতক! কিজানি আপোনাৰ দেৱতাই আমালৈ মন মেলিব আৰু তেতিয়া হয়তো আমাৰ বিনাশ নহ’ব।”

7তাৰ পাছত তেওঁলোকে এজনে আন জনক ক’লে, “আমালৈ ঘটা এই অমঙ্গলৰ কাৰণে দোষী কোন, সেই বিষয়ে জানিবৰ বাবে আহাঁ আমি চিঠি খেলোহঁক।” এইবুলি তেওঁলোকে চিঠি খেলোতে, যোনাৰ নাম উঠিল।

8তেতিয়া তেওঁলোকে তেওঁক সুধিলে, “কোন জনৰ দোষৰ বাবে আমালৈ এই অমংগল ঘটিছে, এই বিষয়ে আপুনি আমাক দয়া কৰি কওক। আপোনাৰ জীৱিকা কি? আপুনি ক’ৰ পৰা আহিছে? আপুনি কোন দেশৰ আৰু কোন জাতিৰ লোক?”

9তেতিয়া যোনাই তেওঁলোকক ক’লে, “মই এজন ইব্ৰীয়া; সাগৰ আৰু ভূমিৰ সৃষ্টিকৰ্ত্তা স্বৰ্গৰ ঈশ্বৰ যিহোৱাক মই ভয় কৰোঁ।”

10যোনাই যে যিহোৱাৰ সন্মুখৰ পৰা পলাই আহিছে, তেতিয়া লোকসকলে সেই বিষয়ে জানিব পাৰিলে; কিয়নো তেওঁ সেই কথা তেওঁলোকক জনালে। তেতিয়া লোকসকলে অধিককৈ ভয় খাই তেওঁক সুধিলে, “আপুনি এয়া কি কৰিলে?”

11তেতিয়া তেওঁলোকে যোনাক সুধিলে, “এতিয়া আমাৰ বাবে সমুদ্র শান্ত হ’বলৈ আমি আপোনাক লৈ কি কৰিম?” কিয়নো সমুদ্ৰত তেতিয়া ধুমুহা ক্রমে তীব্রতৰ হ’বলৈ ধৰিছিল।

12তেতিয়া যোনাই তেওঁলোকক ক’লে, “মোক দাঙি সমুদ্ৰত পেলাই দিয়ক, তেতিয়া আপোনালোকৰ বাবে সাগৰ শান্ত হ’ব; কিয়নো মই জানো যে, মোৰ কাৰণেহে আপোনালোকৰ ওপৰলৈ এই প্রবল ধুমুহা আহিছে।”

13তথাপিও নাবিকসকলে সমুদ্রৰ তীৰ পাবৰ বাবে পুণৰায় বৰকৈ বাই যাবলৈ ধৰিলে, কিন্তু তেওঁলোক সফল নহ’ল। প্রচণ্ড ধুমুহা আৰু উত্তাল সমুদ্রৰ ঢৌ অধিক শক্তিশালী হৈ উঠিব ধৰিলে।

14এই হেতুকে তেওঁলোকে যিহোৱাৰ আগত কাতৰোক্তি কৰি ক’লে, “আমি আপোনাক বিনয় কৰোঁ, হে যিহোৱা, আপোনাক বিনয় কৰোঁ, এই মানুহৰ প্ৰাণৰ কাৰণে আমাক বিনষ্ট হ’বলৈ নিদিব আৰু নিৰ্দ্দোষীৰ ৰক্তপাতৰ কাৰণে আমাক দোষী নকৰিব; কিয়নো হে যিহোৱা, আপুনিও আপোনাৰ ইচ্ছামতে কার্য কৰিছে।”

15এই বুলি কৈ তেওঁলোকে যোনাক দাঙি নি সাগৰত পেলাই দিলে, তেতিয়া সমুদ্ৰৰ ভয়ানক মূর্তি নাইকিয়া হ’ল।

16সেই লোকসকলে যিহোৱাক অত্যন্ত ভয় কৰিলে, আৰু তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে এটা বলি উৎসৰ্গ কৰিলে আৰু তেওঁৰ ওচৰত সংকল্প কৰিলে।

17আনফালে যোনাক গিলি থবৰ কাৰণে যিহোৱাই এটা ডাঙৰ মাছ নিৰূপণ কৰি থৈছিল আৰু সেই মাছৰ পেটত যোনা তিনিদিন তিনিৰাতি থাকিল।

Indian Revised Version (IRV) Assamese © 2017, 2018, 2019 Bridge Connectivity Solutions Pvt. Ltd. Licensed under Creative Commons Attribution-ShareAlike 4.0 International (CC BY-SA 4.0).
>