লূকে লিখা শুভবার্তা 11:1-53 ASMIRV2019 - Bible AI

1এদিন যীচুৱে এঠাইত প্ৰাৰ্থনা কৰি আছিল৷ প্ৰার্থনা শেষ হোৱাৰ পাছত তেওঁৰ এজন শিষ্যই ওচৰলৈ আহি ক’লে, “হে প্ৰভু, যোহনে যেনেকৈ তেওঁৰ শিষ্য সকলক প্ৰার্থনা কৰিবলৈ শিকালে; তেনেকৈ আপুনিও আমাক শিকাওঁক।”

2তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “তোমালোকে প্ৰাৰ্থনা কৰা সময়ত এইদৰে ক’বা, ‘হে পিতৃ,*+ 11:2 ৰো 8:15*তোমাৰ নাম পূজনীয় হওক; তোমাৰ ৰাজ্য হওক;*

3আমাৰ প্ৰয়োজনীয় দৈনিক আহাৰ আমাক প্ৰতিদিনে দিয়া।*

4আমাৰ পাপ ক্ষমা কৰা কিয়নো আমিও নিজৰ নিজৰ ধৰুৱাক ক্ষমা কৰিলোঁ।*+ 11:4 মথি 18:21-35*আৰু আমাক পৰীক্ষালৈ নিনিবা’।”*

5ইয়াৰ পাছত যীচুৱে তেওঁলোকক ক’লে, “ধৰা হওক, তোমালোকৰ মাজৰ কোনো এজনৰ বন্ধু আছে৷ তুমি যদি মাজনিশা বন্ধু জনৰ ওচৰত গৈ কোৱা, ‘হে বন্ধু, মোক তিনিটা পিঠা ধাৰে দিয়া;*

6কিয়নো এইমাত্ৰ মোৰ ঘৰলৈ এজন পঠিক বন্ধু আহিছে৷ তেওঁক আহাৰ দিবলৈ মোৰ একো আহাৰ নাই৷’*

7তেতিয়া সেই বন্ধু জনে ভিতৰৰ পৰা উত্তৰ দি কব পাৰে ‘মোক বিৰক্ত নকৰিবা৷ এতিয়া দুৱাৰ বন্ধ আৰু মোৰ সন্তান সকল শুই আছে৷ তোমাক পিঠা দিবলৈ উঠিব নোৱাৰো৷’*

8কিন্তু মই তোমালোকক কওঁ, বন্ধু হোৱা হেতুকে তেওঁ উঠি আহি নিদিলেও তুমি বাৰে বাৰে খুজি থকাত,*+ 11:8 লূক 18:1-8*এটা সময়ত তেওঁ উঠি আহি তোমাৰ যিমান প্ৰয়োজন সিমানেই পিঠা তোমাক দিব।*

9মই তোমালোকক পুনৰ কওঁ, খোজা*+ 11:9 যিৰি 29:12, 13; যো 15:7; 1 যো 5:14, 15*তেতিয়া তোমালোকক দিয়া হ’ব, বিচাৰা তেতিয়া পাবা, টুকুৰিওৱা তেতিয়া তোমালোকৰ বাবে দুৱাৰ মুকলি কৰা হ’ব।*

10কিয়নো খোজা লোকে পায়, বিচৰা জনে দেখে আৰু যি জনে টুকুৰিয়াই, তেওঁলৈ দুৱাৰ মুকলি কৰা হয়।*

11তোমালোকৰ মাজত কোন জন পিতৃয়ে পুত্ৰই পিঠা খুজিলে, শিল দিব? বা মাছ খুজিলে, মাছৰ সলনি সাপ দিব?*

12নাইবা কণী খুজিলে তাক কেঁকোৰা-বিছা দিব?*

13এতেকে তোমালোক দুর্জন হৈয়ো নিজ নিজ সন্তান সকলক যদি ভাল বস্তু দিব জানা তেনেহলে তাতকৈয়ো তোমালোকৰ স্বৰ্গত থকা পিতৃয়ে তেওঁৰ ওচৰত খোজা লোক সকলক পবিত্ৰ আত্মা নিদিব নে?”*

14এক সময়ত যীচুৱে এজন বোবা মানুহৰ পৰা এটা ভূত খেদাইছিল আৰু ভূতটো বাহিৰ হৈ যোৱাত, সেই বোবা মানুহ জনে কথা ক’বলৈ ধৰিলে৷ তাকে দেখি লোক সকলে বিস্ময় মানিলে।

15কিন্তু কিছুমান লোকে কলে, “ভূতৰ ৰজা বেলচবূব + 11:15 বেলচবূব চয়তান*ৰ সহায়তহে এওঁ ভূতবোৰক এনেদৰে খেদায়।”

16আন কিছুমানে তেওঁক পৰীক্ষা কৰিবলৈ স্বৰ্গৰ পৰা কোনো পৰাক্ৰম কাৰ্যৰ চিন বিচাৰিলে।

17কিন্তু যীচুৱে তেওঁলোকৰ মনৰ ভাব বুজি পায় ক’লে, “যদি কোনো ৰাজ্য নিজৰ বিৰুদ্ধে ভিন ভিন হয়, তেনেহলে সেই ৰাজ্য উছন্ন হয় আৰু এখন ঘৰত যদি নিজৰ ভিতৰতে বিভেদ জন্মে, সেই ঘৰ খনো বিনষ্ট হয়৷*

18চয়তান যদি নিজৰ বিৰুদ্ধে ভিন ভিন হয়, তেনেহলে তাৰ ৰাজ্য কেনেকৈ থাকিব? কাৰণ তোমালোকে কৈছা যে, মই বেলচবূব ৰ দ্বাৰাই ভূতবোৰক খেদাও৷*

19যদি মই বেলচবূব ৰ দ্বাৰাই ভূতবোৰক খেদাও, তেনেহলে তোমালোকৰ অনুগামী সকলে কাৰ দ্বাৰাই খেদায়? এই কাৰণে তেওঁলোক তোমালোকৰ বিচাৰক হব।*

20কিন্তু মই যদি ঈশ্বৰৰ আঙুলিৰে ভূতবোৰক খেদাও, তেনেহলে ঈশ্বৰৰ ৰাজ্য অৱশ্যে তোমালোকৰ মাজলৈ আহিল।*

21যেতিয়া এজন বলৱান লোকে অস্ত্ৰ-শস্ত্ৰৰে ভালকৈ সুসজ্জিত হৈ নিজৰ ঘৰ খন পহৰা দিয়ে, তেতিয়া তেওঁৰ সম্পত্তি সুৰক্ষিত হৈ থাকে;*

22কিন্তু যেতিয়া তেওঁতকৈ আন এজন বলৱান লোক আহি তেওঁক পৰাজয় কৰে, তেতিয়া সেই বলৱান লোক জনে তেওঁৰ পৰা অস্ত্ৰ-শস্ত্ৰবোৰৰ সৈতে তেওঁৰ সকলো সম্পত্তি লুণ্ঠন কৰে।*

23যি ব্যক্তি মোৰ ফলীয়া নহয়, তেওঁ মোৰ বিপক্ষ আৰু যি কোনোৱে মোৰে সৈতে নচপায়, তেওঁ সিচিঁ পেলায়।*

24যেতিয়া এটা অশুচি আত্মা কোনো মানুহৰ পৰা ওলাই যায়, তেতিয়া সি পানী নথকা ঠাইবোৰত ঘূৰি ফুৰি জিৰণি বিচাৰে আৰু এনে কোনো ঠাই বিচাৰি নাপালে সি কয়, ‘মই যি ঘৰৰ পৰা ওলাই আহিলোঁ সেই ঘৰলৈকে উভতি যাম’।*

25পাছত উভতি আহি সি যেতিয়া সেই ঘৰ খন সৰা পোচা আৰু সজোৱা-পৰোৱা দেখে,*

26তেতিয়া সি গৈ নিজতকৈ দুষ্ট আন সাতোটা ভূতৰ আত্মা লগত লৈ আহে, আৰু তাতে সোমাই নিবাস কৰে আৰু সেই মানুহ জনৰ শেষ অৱস্থা প্ৰথম অৱস্থাতকৈও বেয়া*+ 11:26 ষো 5:14; ইব্ৰী 10:26, 27; 2 পি 2:20, 21*হৈ যায়।”*

27এই কথা কৈ থাকোতে এজনী তিৰোতাই লোক সকলৰ মাজৰ পৰা বৰ মাতেৰে তেওঁক ক’লে, “আপোনাক যি গর্ভই ধাৰণ কৰিলে আৰু যাৰ স্তন আপুনি পান কৰিলে তেওঁ ধন্য।”

28কিন্তু তেওঁ ক’লে, “হয়, তথাপি যি সকলে ঈশ্বৰৰ বাক্য শুনি পালন কৰে তেওঁলোকহে ধন্য।”*

29এনেদৰে অনেক লোক তেওঁৰ ওচৰত গোট খোৱাত, তেওঁ ক’বলৈ ধৰিলে, “এই কালৰ মানুহ, দুর্জন মানুহ৷ ইহতে পৰাক্ৰম কাৰ্যৰ চিন বিচাৰে কিন্তু যোনাৰ*+ 11:29 যোনা এজন ভাববাদী*চিনৰ বাহিৰে আন কোনো চিন ইহতক দিয়া নহব।*

30কিয়নো যোনা যেনেকৈ নীনবিৰ লোকলৈ চিন হৈছিল, তেনেকৈ এই কালৰ লোকৰ ওচৰত মানুহৰ পুত্ৰই চিন হব।*

31দক্ষিণ দেশৰ ৰাণীয়ে*+ 11:31 1 ৰা 10:1-10*মহা-বিচাৰত এই কালৰ মানুহবোৰৰ সৈতে উঠি তেওঁলোকক দোষী কৰিব কিয়নো তেওঁ চলোমনৰ জ্ঞানৰ কথা শুনিবলৈ পৃথিৱীৰ সীমাৰ পৰা আহিছিল৷ কিন্তু চোৱা, চলোমনতকৈয়ো মহান এজন ইয়াতে আছে।*

32মহা-বিচাৰত নীনবি নগৰৰ লোক সকল এই কালৰ লোক সকলৰ সৈতে থিয় হৈ ইহতক দোষী কৰিব; কিয়নো তেওঁলোকে যোনাৰ ঘোষণাত মন-পালটন কৰিলে, কিন্তু চোৱা যোনাতকৈয়ো মহান এজন ইয়াত আছে।*

33কোনো লোকে চাকি জ্ৱলাই কোনেও গুপুত ঠাইত বা দোণৰ তলত নথয় কিন্তু ভিতৰলৈ সোমোৱাই অহা সকলক পোহৰ দিবলৈ গছাৰ ওপৰতহে থয়।*

34তোমাৰ চকুৱেই শৰীৰৰ প্ৰদীপ; যেতিয়া তোমাৰ চকু ভালে থাকে, তেতিয়া তোমাৰ গোটেই শৰীৰ দিপ্তীময় হয়৷ কিন্তু যেতিয়া বেয়া থাকে, তেতিয়া তোমাৰ শৰীৰ অন্ধকাৰময় হয়।*

35এতেকে তোমাৰ ভিতৰত থকা পোহৰটো যেন অন্ধকাৰ হৈ নপৰে, সেই বিষয়ে মন কৰিবা।*

36এতেকে যদি তোমাৰ গোটেই শৰীৰ দিপ্তীময় আৰু তাৰ কোনো ভাগ অন্ধকাৰময় নহয়, তেনেহলে প্ৰদীপৰ উজ্বল ৰশ্মি তোমাক দিলে যি ৰূপ হয়, সেই ৰূপেই তোমাৰ সকলো শৰীৰে ধাৰণ কৰিব৷”*

37এই কথা কোৱাৰ পাছত এজন ফৰীচীয়ে তেওঁৰ লগত ভোজন কৰিবলৈ তেওঁক অনুৰোধ কৰিলে; তাতে তেওঁ ভিতৰলৈ সোমাই ভোজনত বহিল;

38আৰু তেওঁক ভোজনৰ আগেয়ে নিজকে ধুই লোৱা নেদেখি, সেই ফৰীচীয়ে বিস্ময় মানিলে।

39তেতিয়া প্ৰভুৱে তেওঁক ক’লে, “আপোনালোক ফৰীচী সকলে বাটি কাঁহিৰ বাহিৰফাল পৰিষ্কাৰ কৰে, কিন্তু আপোনালোকৰ ভিতৰফাল অপহৰণ আৰু দুষ্টতাৰে পৰিপূর্ণ।*

40হে নির্ব্বোধ সকল! যি জনে বাহিৰফাল নির্মাণ কৰিলে সেই জনে ভিতৰফালো নির্মাণ নকৰিলে নে?*

41ভিতৰত যি আছে, সেইখিনিকে দান কৰা; তেতিয়া সকলো বস্তু তোমালোকলৈ শুচি হব।*

42কিন্তু হায় হায় ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ৷ আপোনালোকে পদিনা, আৰুদ*+ 11:42 এবিধ ঔষধি গছ*আৰু বাগিছাত হোৱা শাক-পাচলিৰ দশম ভাগ দান কৰে কিন্তু ন্যায়-বিচাৰ আৰু ঈশ্বৰৰ প্ৰেম ত্যাগ কৰে৷ আচলতে অন্যান্য বিষয় সমূহৰ লগতে ন্যায়-বিচাৰ আৰু ঈশ্ৱৰৰ প্ৰেমকো পালন কৰা আপোনালোকৰ প্ৰয়োজন আছিল৷*

43হায় হায় ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো আপোনালোকে নাম-ঘৰত প্ৰধান আসন আৰু হাট-বজাৰত সন্মানপূর্ণ সম্ভাষণবোৰক প্ৰেম কৰে।*

44হায় হায়! আপোনালোক সন্তাপৰ পাত্ৰ কিয়নো যি অদৃশ্য মৈদামৰ ওপৰত মানুহবোৰে নজনাকৈ খোজ দিয়ে, এনে মৈদামৰ নিচিনা আপোনালোক।”*

45সেই সময়ত বিধান পণ্ডিত এজনে উত্তৰ দি যীচুক ক’লে, “হে গুৰু আপুনি যিবোৰ কথা কৈছে সেই কথাবোৰে আমাক অপমান কৰে।”

46তেতিয়া যীচুৱে ক’লে, “হায় হায় বিধান পণ্ডিত সকল! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো আপোনালোকে মানুহৰ ওপৰত অসহনীয় ভাৰৰ বোজা দিয়ে, কিন্তু নিজৰ এটা আঙুলিৰেও সেই ভাৰ নুচুৱে।*

47হায় হায়! আপোনালোক সন্তাপৰ পাত্ৰ, কিয়নো আপোনালোকে ভাববাদী সকলৰ স্মৃতিৰ বাবে মৈদাম নির্মাণ কৰিছে কিন্তু আপোনালোকৰ পূর্বপুৰুষ সকলে তেওঁলোকক বধ কৰিছিল।*

48সেয়েহে ইয়াত আপোনালোক সাক্ষী হৈছে আৰু নিজ পূর্বপুৰুষ সকলৰ কর্মত সন্মতিও জনাইছে, কিয়নো তেখেত সকলে প্ৰকৃততে ভাববাদী সকলক বধ কৰিছিল, সেই কাৰণে এতিয়া আপোনালোকে মৈদাম সাজিছে।*

49ইয়াৰ কাৰণে ঈশ্বৰৰ জ্ঞানেও কলে, “মই তেওঁলোকলৈ ভাববাদী আৰু পাঁচনি সকলক পঠিয়াম আৰু তেওঁলোকে মই পঠিয়োৱা সকলৰ কোনো জনক তাড়না কৰিব আৰু কোনো জনক বধ কৰিব৷*

50সেই কাৰণে জগত সৃষ্টিৰ আৰম্ভণিৰে পৰা আজিলৈকে যিমান ভাববাদী হত্যা কৰা হৈছে, তেখেত সকলৰ ৰক্তপাতৰ কাৰণে এই সময়ৰ লোক সকল দায়ী৷*

51হয়, মই আপোনালোকক কওঁ- হেবলৰ ৰক্তপাতৰ পৰা আৰম্ভ কৰি যি জখৰিয়াক যজ্ঞবেদি আৰু মন্দিৰৰ মধ্য স্থানত হত্যা কৰা হৈছিল, সেই জখৰিয়াৰ*+ 11:51 জখৰিয়া এজন ভাববাদী*হত্যা পর্যন্ত সমস্ত ৰক্তপাতৰ বাবে এই কালৰ লোক সকল দায়ী হব৷*

52হায় হায় বিধানৰ অধ্যাপক সকল! আপোনালোক সন্তাপৰ পাত্ৰ৷ কিয়নো আপোনালোকে জ্ঞানৰ চাবি ধৰি আছে, কিন্তু তাতে প্ৰৱেশ নকৰিলে আৰু প্ৰৱেশ কৰিবলৈ ধৰা সকলকো বাধা দিছে।”*

53যীচুৱে সেই ঠাই এৰি যোৱাৰ পাছত, বিধানৰ অধ্যাপক আৰু ফৰীচী সকলে তেওঁৰ কথাত প্ৰতিৰোধ কৰিলে আৰু তেওঁক লৈ বহু কথাত বিতর্ক কৰি,

>