1এনেতে অসংখ্য লোক গোট খোৱাত, লোক সকলৰ মাজত গচকা-গচকি হ’ল৷ তেতিয়া যীচুৱে প্ৰথমে তেওঁৰ শিষ্য সকলক কবলৈ ধৰিলে, “যি কপট, সেই ফৰীচী সকলৰ খমিৰলৈ সাৱধান হবা।”*
2“কিন্তু যি প্ৰকাশিত নহব এনে কোনো ঢাকি থোৱা বস্তু নাই আৰু যি জানিব পৰা নহব, এনে লুকুৱা বস্তু নাই।*
3এতেকে তোমালোকে আন্ধাৰত যি যি কথা ক’লা, সেইবোৰ পোহৰত শুনা যাব আৰু ভিতৰৰ কোঠালিত তোমালোকে কাণে কাণে যি কথা কৈছা, সেয়া ঘৰৰ ওপৰৰ পৰা ঘোষণা কৰা হ’ব।*
4হে মোৰ বন্ধু সকল, মই তোমালোকক কওঁ, যি সকলে শৰীৰক বধ কৰে আৰু তাৰ পাছত একো কৰিব নোৱাৰে, তেওঁলোকলৈ ভয় নকৰিবা।*+ 12:4 যিচ 51:7-13; যিৰি 1:8; মথি 10:28*
5কিন্তু কোন জনক ভয় কৰিব লাগে সেই বিষয়ে মই তোমালোকক জনাওঁ৷ ভয় সেই জনক কৰিবা, যি জনৰ বধ কৰাৰ পাছত নৰকতো পেলাবৰ ক্ষমতা আছে৷ হয়, মই তোমালোকক কওঁ; তেওঁলৈকে ভয় কৰা।*
6পাঁচোটা ঘৰ-চিৰিকা ক্ষুদ্ৰ পইচালৈ বিক্ৰী নকৰে নে? তথাপি সেইবোৰৰ এটাকো ঈশ্বৰৰ আগত পাহৰা নাযায়।*
7কিন্তু তোমালোকৰ মূৰৰ সকলো চুলিও গণনা কৰা হৈছে। ভয় নকৰিবা; কিয়নো তোমালোক অনেক ঘৰ-চিৰিকাতকৈ বহুমূলীয়া।*
8মই তোমালোকক পুনৰ কওঁ, মানুহবোৰৰ আগত যি জনে মোক স্বীকাৰ কৰে, মানুহৰ পুত্ৰয়ো ঈশ্বৰৰ দূতবোৰৰ আগত তেওঁক স্বীকাৰ কৰিব।*
9কিন্তু মানুহবোৰৰ আগত যি জনে মোক অস্বীকাৰ কৰে, ঈশ্বৰৰ দূতবোৰৰ আগত তেওঁকো অস্বীকাৰ কৰা হব।*
10যি কোনোৱে মানুহৰ পুত্ৰৰ অহিতে কথা কয়, তেওঁক ক্ষমা কৰা হব। কিন্তু পবিত্ৰ আত্মাৰ অহিতে নিন্দা কৰা জনক ক্ষমা কৰা নহব।*
11যেতিয়া তেওঁলোকে নাম-ঘৰবোৰত আৰু ক্ষমতা পোৱা আৰু শাসনকৰ্তা সকলৰ সন্মুখত তোমালোকক হাজিৰ কৰাব, তেতিয়া কেনেকৈ কি উত্তৰ দিব লাগে বা কি কথা কব লাগে, সেই বিষয়ে চিন্তা নকৰিবা৷*
12কিয়নো যি যি কথা সেই সময়ত কবলগীয়া হব, সেয়া পবিত্ৰ আত্মাই সেই মু্হুর্ত্ততেই তোমালোকক শিকাই দিব।”*
13তাৰ পাছত লোক সকলৰ মাজৰ পৰা এজনে তেওঁক ক’লে, “হে গুৰু, পৈতৃক সম্পত্তি মোৰ সৈতে ভাগ কৰিবলৈ, মোৰ ককাইক আজ্ঞা দিয়ক।”
14কিন্তু যীচুৱে তেওঁক ক’লে, “হে ভাই, মোক কোনে তোমালোকৰ ওপৰত বিচাৰক বা ভাগ কৰোঁতা পাতিলে?”*
15তেওঁ তেওঁলোকক পুনৰ ক’লে, “সকলো লোভৰ পৰা নিজকে দুৰত ৰাখি সাৱধানে থাকিবা; কিয়নো উপচি পৰিলেও মানুহৰ জীৱন তেওঁৰ সম্পত্তিৰ ওপৰত নির্ভৰ নহয়।”*
16পাছত যীচুৱে তেওঁলোকক এটা দৃষ্টান্ত দি ক’লে, “এজন ধনী মানুহৰ মাটিত বহু শস্য উৎপন্ন হৈছিল।*
17তাতে তেওঁ মনতে ভাবি ক’লে, ‘মোৰ শস্য সামৰিবলৈ ঠাই নাই; মই এতিয়া কি কৰিম?’*
18পাছত তেওঁ নিজকে কলে, ‘মই ইয়াকে কৰিম যে, আগৰ ভঁৰালবোৰ ভাঙিম আৰু এটা ডাঙৰ ভঁৰাল সাজিম৷ সেই ভঁৰালত মোৰ সকলো শস্য আৰু ভাল বস্তু সামৰি থম’।*
19তাৰ পাছত মই মোৰ প্ৰাণক কম, ‘হে প্ৰাণ, অনেক বছৰলৈ তোমাৰ বহুত ভাল বস্তু সাঁচি থোৱা হৈছে৷ জিৰাই-সতাই থাকা আৰু ভোজন-পান কৰি আনন্দ কৰা’।*
20+ 12:20 যাক 4:13-16 *কিন্তু ঈশ্বৰে তেওঁক ক’লে, ‘হে নির্ব্বোধ লোক, আজি ৰাতি তোমাৰ প্ৰাণ নিয়া হব৷*+ 12:20 ইয় 27:8; গীত 52:7*তাতে যিবোৰ বস্তু যুগুত কৰি থলা, সেইবোৰ কাৰ হ’ব?*
21ঠিক এইদৰে যি জনে ঈশ্বৰলৈ ধনৱান নহয়, কেৱল নিজলৈ ধন সাঁচি থয়,*+ 12:21 মথি 6:20; 1তীম 6:17-19; যাক 2:5*তেওঁ তেনেকুৱা লোক।”*
22পাছত যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “সেই বাবে মই তোমালোকক কওঁ, তোমালোকে কি খাম বুলি প্ৰাণৰ কাৰণে আৰু কি পিন্ধিম বুলি শৰীৰৰ কাৰণে চিন্তা নকৰিবা।*
23কিয়নো আহাৰতকৈ প্ৰাণ আৰু বস্ত্ৰতকৈ শৰীৰ শ্ৰেষ্ঠ।*
24ঢোঁৰা কাউৰীবোৰলৈ চোৱা, সিহঁতে নবয় বা নাদায়; সিহঁতৰ ভঁৰালত বা মেৰত নাই; তথাপি ঈশ্বৰে সিহঁতক আহাৰ দিয়ে। তোমালোক চৰাইতকৈ কিমান বহুমূলীয়া!*
25আৰু তোমালোকৰ মাজত কোনে চিন্তা কৰি নিজৰ আয়ুস এহাতকে বঢ়াব পাৰে?*
26এতেকে তোমালোকে যদি আটাইতকৈ সৰুটোৱে কৰিব নোৱাৰা তেনেহলে আনবোৰ বিষয় কিয় চিন্তা কৰা?*
27পথাৰৰ কনাৰি*+ 12:27 কনাৰি লিলি*ফুল কেনেকৈ বাঢ়ে, সেই বিষয়ে চিন্তা কৰি চোৱা; সেইবোৰে শ্ৰম নকৰে আৰু সূতাও নাকাটে৷ মই তোমালোকক কওঁ, চলোমন তেওঁৰ সকলো ঐশ্বর্যৰ সৈতেও সেইবোৰৰ এটাৰ নিচিনাও বিভূষিত নাছিল।*
28কিন্তু পথাৰত থকা যি বন আজি আছে কাইলৈ জুইশালত পেলোৱা হ’ব, তাকো যদি ঈশ্বৰে এইদৰে ভূষিত কৰে, তেনেহলে হে অল্পবিশ্বাসী সকল, তোমালোকক তাতকৈয়ো বেছি ভূষিত নকৰিব নে!*
29তোমালোকে কি খাবা, কি পান কৰিবা এইবোৰ তোমালোকে নিবিচাৰিবা আৰু অস্থিৰ নহবা।*
30কিয়নো জগতৰ সকলো জাতিয়ে এইবোৰ বিচাৰে; আৰু এইবোৰ তোমালোকৰো প্ৰয়োজন আছে বুলি তোমাৰ পিতৃয়ে জানে।*
31কিন্তু তোমালোকে ঈশ্বৰৰ ৰাজ্য বিচাৰা; তাতে এইবোৰ তোমালোকক দিয়া হ’ব।*+ 12:31 গীত 34:10; ৰো 8:31, 32; ফিলি 4:19*
32হে তাকৰ জাকটি, ভয় নকৰিবা, কিয়নো তোমালোকক ৰাজ্য দিবলৈ, তোমালোকৰ পিতৃ প্ৰসন্ন হৈছে।*
33তোমালোকৰ যি যি সম্পত্তি আছে, সেইবোৰ বিক্ৰী কৰি দৰিদ্ৰ সকলক দান কৰা আৰু যি ঠাইত চোৰ নাযায়, পোকেও নষ্ট নকৰে; এনে স্বৰ্গত নিজৰ কাৰণে পুৰণি হৈ নোযোৱা মোনা যুগুত কৰি অক্ষয় ধন সাঁচি থোৱা৷*
34কিয়নো য’তে তোমালোকৰ ধন, ত’তে তোমালোকৰ মনো হব।”*
35“তোমালোকে কঁকাল বান্ধা আৰু*+ 12:35 ইফি 6:14;1 পি 1:13*তোমালোকৰ চাকি জ্বলি থাকক,*
36আৰু বিয়াৰ পৰা আহি দুৱাৰত টুকুৰিয়ালেই দুৱাৰ মেলি দিবলৈ নিজ নিজ প্ৰভুলৈ বাট চাই থকা মানুহবোৰৰ নিচিনা তোমালোকো হোৱা৷*+ 12:36 মথি 24:36-51*
37প্ৰভু অহাৰ পাছত যি দাস সকলক তেওঁ পৰ দি থকা দেখে, তেওঁলোক ধন্য৷ মই তোমালোকক সঁচাকৈ কওঁ, তেওঁ নিজৰ কঁকাল বান্ধি, তেওঁলোকক ভোজনত বহুৱাই, নিজেই তেওঁলোকক শুশ্ৰূষা কৰিব আৰু আহাৰ বাঢ়ি দিব।*
38তেওঁ মাজৰাতি বা শেষৰাতিও আহি যদি তেওঁলোকক সেইদৰেই দেখে তেনেহলে তেওঁলোক ধন্য।*
39কোন সময়ত চোৰ*+ 12:39 1 থি 5:2-8, 2 পি 3:10-12, প্ৰ 3:3; 16:15*আহিব, সেই বিষয়ে ঘৰৰ গৰাকীয়ে জনা হলে, পৰ দি থাকি সিন্ধি দিবলৈ নিজৰ ঘৰ এৰি নিদিলেহেঁতেন; ইয়াক তোমালোকে জানা।*
40তোমালোকো যুগুত হৈ থাকা; কিয়নো যি ক্ষণত তোমালোকে নাভাবা, সেই ক্ষণতে মানুহৰ পুত্ৰ আহিব।”*
41তেতিয়া পিতৰে ক’লে, “হে প্ৰভু, এই দৃষ্টান্ত অকল আমাৰ বাবে ক’লে নে, নাইবা সকলোকে কৈছে?”
42তাতে প্ৰভুৱে ক’লে, “নিজৰ ভৃত্য সকলক উচিত সময়ত নিৰূপিত আহাৰ দিবলৈ, প্ৰভুৱে সিহঁতৰ ওপৰত যাক গৰাকী পাতিব এনে বিশ্বাসী আৰু বুদ্ধিমান ঘৰগিৰী কোন?*
43প্ৰভু অহা সময়ত যাক এনে কৰা দেখে সেই দাস ধন্য।*
44মই তোমালোকক সঁচাকৈ কওঁ, তেওঁ নিজৰ সর্ব্বস্বৰ ওপৰত তাক ঘৰগিৰী পাতিব।*
45কিন্তু সেই দাস জনে যদি নিজৰ মনতে কয়, ‘মোৰ প্ৰভু অহাত পলম হ’ব’, আৰু এনেদৰে আন বন্দী বেটীক যদি কোবাবলৈ ধৰে, আৰু ভোজন-পান কৰি তেওঁ মতলীয়া হয়।*
46তেনেহলে যি দিন আৰু সময়ৰ কথা তেওঁ অলপো চিন্তা নকৰে, সেইদিন আৰু সময়তে তেওঁৰ প্ৰভু আহি হাজিৰ হ’ব৷ তাতে প্ৰভুৱে দাসক কাটি টুকুৰা-টুকুৰ কৰিব আৰু অবিশ্বাসী সকলৰ কাৰণে যি ঠাই যুগুত কৰা হৈছে, তেওঁৰ স্থান তাতেই হ’ব৷*
47যি দাসে তাৰ প্ৰভুৰ ইচ্ছা জানিও যুগুত হৈ নাথাকে আৰু তেওঁৰ ইচ্ছাৰ দৰে নকৰে, সেই দাসে ভালেমান কোব খাব।*
48কিন্তু যি জনে নাজানি*+ 12:48 লে 5:17; 1 তী 1:13*কোবৰ যোগ্য কর্ম কৰে সি তাকৰ কোব খাব৷ যি জনক অধিক দিয়া হৈছিল, তেওঁৰ পৰা অধিক বিচৰা হব; লোক সকলে যি জনক সৰহকৈ গোটাই দিলে, তেওঁৰ পৰা অধিককৈ খুজিব।*
49মই পৃথিৱীত জুই পেলাবলৈ আহিলোঁ আৰু অহ! যদি এই আশা পূর্ণ হৈ আগতেই প্ৰজ্বলিত হলহেতেন।*
50কিন্তু মই এটা বাপ্তিস্মৰে বাপ্তাইজিত হ’ব লাগে,*+ 12:50 মথি 20:22; মার্ক 10:38*আৰু সেয়া সম্পন্ন নোহোৱালৈ মই বহুত কষ্ট পাই আছোঁ!*
51মই পৃথিৱীত শান্তি দিবলৈ আহিছোঁ বুলি ভাবিছা নে? মই তোমালোকক কওঁ, তেনে নহয়, কিন্তু বিভেদহে দিবলৈ আহিলোঁ।*
52এতিয়াৰ পৰা ঘৰৰ পাঁচ জন ভিন ভিন হৈ, দুজনৰ বিপক্ষে তিনি জন, তিনি জনৰ বিপক্ষে দুজনহে হব।*
53পুতেকৰ বিপক্ষে বাপেক; বাপেকৰ বিপক্ষে পুতেক; জীয়েকৰ বিপক্ষে মাক, মাকৰ বিপক্ষে জীয়েক; বোৱাৰীৰ বিপক্ষে শাহুৱেক, শাহুৱেকৰ বিপক্ষে বোৱাৰী ভিন ভিন হৈ যাব।”*
54ইয়াৰ পাছত যীচুৱে লোক সকলৰ ফালে চাই ক’লে, “পশ্চিম দিশত ডাৱৰ এচটা উঠা দেখিলেই, আপোনালোকে কয় ‘বৰষুণ আহিব’ আৰু পাছত সেইদৰে হয়।*
55দক্ষিণ ফালৰ বতাহ বুলিলে কয় ‘বৰ জহ হব’; পাছত সেই জনো সেইদৰে ঘটে।*
56হে কপটীয়া সকল, আপোনালোকে পৃথিৱীৰ আৰু আকাশৰ ৰূপ নির্ণয় কৰিব জানে; কিন্তু এই কালৰ বিষয়ে কিয় আপোনালোকে বিচাৰ কৰিব নাজানে?*
57নিজৰ বিষয়ে উচিত বিচাৰ কি কাৰণত কৰিব নোৱাৰে?*
58কিয়নো আপোনাৰ গুচৰিয়াৰ সৈতে আপুনি যেতিয়া বিচাৰকৰ ওচৰলৈ যায়, তেতিয়া বাটতেই তেওঁৰ পৰা মুক্ত হবলৈ চেষ্টা কৰে যাতে তেওঁ আপোনাক বিচাৰকর্তাৰ সন্মুখলৈ বলেৰে টানি নিনিয়ে আৰু বিচাৰকর্তাই দাৰোগাৰ হাতত শোধাই নিদিয়ে; তেতিয়া দাৰোগায়ো বন্দীশালত সোমাই থব নোৱাৰিব।*