হবক্কুক 2:1-19 ASMIRV2019 - Bible AI

1মোৰ প্ৰহৰীস্থানত মই থিয় হম, আৰু পহৰা দিয়া ওখ স্তম্ভত মই নিজে থাকিম, আৰু মই সাৱধানে পহৰা দিম।

2যিহোৱাই মোক উত্তৰ দি ক’লে,

3কাৰণ এই দৰ্শন যদিও ভবিষ্যত সময়ৰ বাবে তথাপিও শেষত এই দৰ্শন প্রকাশ পাব আৰু বিফল নহ’ব।

4চোৱা! মানুহৰ আত্মা অহংকাৰী হয়, আৰু নিজেই নিজৰ বাবে ন্যায়পৰায়ণ নহয়, কিন্তু ধাৰ্মিক লোক নিজৰ বিশ্বাসৰ দ্বাৰাই জীয়াই থাকিব।

5কাৰণ সুৰা+ 2:5 ধন-সম্পত্তি*ই গৰ্ব্বী যুৱকক বিশ্বাসঘাতক কৰে; সেয়ে তেওঁ সহ্য নকৰিব,

6এই লোকসকল তেওঁৰ বিৰুদ্ধে দৃষ্টান্ত স্বৰূপ আৰু তেওঁৰ সম্পৰ্কে বিদ্ৰূপজনক বাক্য নক’ব নে? তেওঁলোকে ক’ব,

7যিজনে তোমাৰ অহিতে দাঁতকৰচে, সেই জনে অকস্মাতে তোমাৰ অহিতে উঠে, আৰু যিজনে তোমাক আতঙ্কিত কৰে, সেই জনে জাগ্রত নহ’ব নে?

8তুমি অনেক দেশ লুট কৰাৰ কাৰণে, সকলো অৱশিষ্ট লোকে তোমাক লুট কৰিব;

9যিজনে নিজৰ ঘৰৰ বাবে পাপ অৰ্জন কৰে, সেই জনৰ সন্তাপ হ’ব।

10তুমি অনেক লোকক উচ্ছন্ন কৰিবলৈ তোমাৰ ঘৰৰ বাবে লজ্জাজনক চিন্তা কৰিলা, আৰু তোমাৰ নিজৰ আত্মাৰ বিৰুদ্ধে পাপ কৰিলা।

11দেৱালৰ মাজৰ পৰা শিলে চিঞৰি কান্দিব, আৰু কাঠৰ মাজৰ পৰা চটিয়ে তাৰ উত্তৰ দিব।

12ৰক্তপাতেৰে নগৰ নিৰ্মাণ কৰা জনৰ আৰু অপৰাধৰ দ্বাৰাই নগৰ স্থাপন কৰা জনৰ সন্তাপ হ’ব।

13এয়ে বাহিনীসকলৰ যিহোৱাৰ পৰা নহয় নে?

14সমুদ্ৰ যেনেকৈ পানীৰে পৰিপূৰ্ণ, সেইদৰে পৃথিৱীখন যিহোৱাৰ জ্ঞানৰ মহিমাৰে পৰিপূৰ্ণ হ’ব।

15যিজনে নিজৰ চুবুৰীয়াক সুৰা পান কৰায়, আৰু যেতিয়ালৈকে মতলীয়া নহয়, তুমি বিষ দি তেওঁক সুৰা পান কৰায় থাকা,

16তুমি গৌৰৱৰ পৰিৱৰ্তে লাজেৰে পৰিপূৰ্ণ হ’বা; তুমিও পান কৰা, আৰু তোমাৰ নিজৰ বিৱস্ত্রতা প্রকাশ কৰা!

17লিবানোনত হোৱা অত্যাচাৰে তোমাক ঢাকিব, আৰু পশুবোৰৰ ধ্বংস দেখি তুমি আতঙ্কিত হ’বা;

18কটা-প্ৰতিমাই তোমাক কি উপকাৰ কৰে? যে তাৰ বাবে নিৰ্মাণকাৰীয়ে যেতিয়া তাক কাটে বা গলোৱা ধাতুৰ পৰা যেতিয়া প্রতিমা তৈয়াৰ কৰে, তেওঁ এজন মিছা শিক্ষক;

19যি জনে কাঠ+ 2:19 কাঠৰ মূৰ্তিক*ক সাৰ পোৱা বুলি কয়, বা শিল+ 2:19 শিলৰ প্ৰতিমূৰ্তিক*ক উঠা বুলি কয়, তেওঁৰ সন্তাপ হ’ব! সেইবোৰে জানো শিক্ষা দিব?

Copyright © 2019 Bridge Connectivity Solutions Pvt. Ltd.
div>