হবক্কুক 3:1-19 ASMIRV2019 - Bible AI

1ভাববাদী হবক্কুকৰ প্ৰাৰ্থনা:

2হে যিহোৱা, মই আপোনাৰ বাৰ্ত্তা শুনিলোঁ, আৰু মোৰ ভয় লাগিছে!

3ঈশ্বৰ তৈমন+ 3:3 তৈমন হ’ল যিহূদাৰ দক্ষিণ অঞ্চলত থকা ইদোমৰ এখন জিলা*ৰ পৰা, আৰু পবিত্ৰ জনা পাৰণ পৰ্ব্বতৰ পৰা আহিছে; চেলা+ 3:3 এই শব্দটো গীতমালাত বহু ঠাইত উল্লেখ কৰা আছে। ইয়াক গীতৰ বিৰতিৰ বাবে ব্যবহাৰ কৰা হয়*।

4তেওঁৰ হাতৰ ৰশ্মি জ্বলি থকা পোহৰৰ দৰে,

5তেওঁৰ আগে আগে মহামাৰী যায়, আৰু তেওঁৰ খোজৰ পাছত ৰোগ যায়।

6তেওঁ থিয় হয় আৰু পৃথিৱী জোখে+ 3:6 কম্পমান কৰে*; তেওঁ চাই আৰু দেশবিলাক কম্পমান কৰে!

7মই দেখিলোঁ, কূচনৰ তম্বুবোৰ দুখত আছে; আৰু মিদিয়ন দেশৰ তম্বুৰ কাপোৰবোৰ কঁপিছে।

8নদীবোৰৰ সৈতে যিহোৱাৰ ক্রোধ হৈছে নে? আপোনাৰ ক্রোধ নদীবোৰৰ বা আপোনাৰ উত্তেজনা সাগৰৰ বিৰুদ্ধে নে?

9আপুনি আপোনাৰ ধনু আবৃত নকৰাকৈ লৈ আহিছে; আপুনি আপোনাৰ ধনুত কাঁড় লগাইছে! চেলা।

10পৰ্ব্বতবোৰে আপোনাক দেখিছে আৰু ক্লেশত মোচোৰা খাইছে;

11আপোনাৰ উৰি যোৱা কাঁড়ৰ পোহৰ আৰু আপোনাৰ চকমকায় থকা যাঠিৰ উজ্বলতাত,

12আপুনি ধিক্কাৰেৰে পৃথিবীৰ মাজেদি যাত্ৰা কৰিছে। আপুনি ক্রোধত দেশবোৰক মৰণা মাৰাদি মাৰিছে।

13আপুনি আপোনাৰ লোকসকলৰ পৰিত্ৰাণৰ আৰু আপোনাৰ অভিষিক্ত জনৰ পৰিত্ৰাণৰ বাবে ওলাই গৈছে।

14আপুনি যুদ্ধাৰুসকলৰ সেনাপতিসকলক তেওঁলোকৰ নিজৰ কাঁড়েৰে মুৰবোৰ+ 3:14 নেতাবোৰক* খুচিলে; তেওঁলোকে ধুমুহাৰ দৰে আমাক ছিন্ন-ভিন্ন কৰিবলৈ আহিছিল,

15আপুনি ঘোঁৰাবোৰে সৈতে সাগৰৰ ওপৰেৰে যাত্রা কৰিলে, আৰু মহাজলৰাশিক স্তূপকৃত কৰিলে।

16মই শুনিলোঁ আৰু মোৰ ভিতৰ অংশ কঁপি উঠিল! শব্দত মোৰ ওঁঠ কঁপি উঠিছে!

17যদিও ডিমৰু গছত কলি হোৱা নাই, আৰু তাত দ্ৰাক্ষালতাৰ পৰা গুটি উৎপন্ন হোৱা নাই,

18তথাপিও মই যিহোৱাত আনন্দ কৰিম, মোৰ ত্ৰাণকৰ্ত্তা ঈশ্বৰত মই উল্লাস কৰিম।

19প্ৰভু যিহোৱা মোৰ বল;

Copyright © 2019 Bridge Connectivity Solutions Pvt. Ltd.
div>