হিতোপদেশ 5:1-23 ASMIRV2019 - Bible AI

1হে মোৰ পুত্র, মোৰ প্রজ্ঞালৈ মনোযোগ দিয়া; সাৱধানতাৰে মোৰ তাৎপর্যপূৰ্ণ কথা শুনা।

2সেয়ে তুমি সুবিবেচনা শিকিব পাৰিবা; আৰু তোমাৰ ওঁঠে জ্ঞান ৰক্ষা কৰিব পাৰিব।

3কিয়নো ব্যভিচাৰিণীৰ ওঁঠৰ পৰা টোপে টোপে মৌ বৰষে, আৰু তেওঁৰ মুখৰ কথা তেলতকৈয়ো মসৃণ।

4কিন্তু শেষত তেওঁ চোকা তৰোৱালে কটাৰ দৰে কাটে। তিতা উদ্ভিদৰ দৰে হয়,

5তেওঁৰ ভৰি মৃত্যুলৈ নামি যায়, তেওঁ খোজ দিয়া সকলো পথ চিয়োললৈ যায়।

6তেওঁ জীৱন পথত কোনো চিন্তা নকৰে; তেওঁৰ খোজ আচৰ্যজনক, তেওঁ ক’লৈ গৈ আছে তেওঁ নাজানে।

7আৰু এতিয়া, হে মোৰ পুত্রসকল, মোৰ কথা শুনা, মোৰ মুখৰ বাক্য শুনাৰ পৰা বিমুখ নহবা।

8তেওঁৰ পৰা তোমাৰ পথ দূৰত ৰাখা; তেওঁৰ ঘৰৰ দুৱাৰৰ ওচৰলৈ নাযাবা।

9নহ’লে তোমাৰ সন্মান অন্যলোকক এৰি দিব লাগিব, আৰু তোমাৰ জীৱনৰ বছৰবোৰ নিৰ্দয় ব্যক্তিক দিব লাগিব।

10তোমাৰ সম্পত্তি অচিনাকী লোকে ভোগ কৰিব; আৰু তোমাৰ পৰিশ্ৰমৰ ফল অচিনাকী লোকৰ ঘৰলৈ যাব।

11আৰু তোমাৰ জীৱনৰ শেষত তুমি আৰ্তনাদ কৰিবা; তোমাৰ যেতিয়া শৰীৰ আৰু মাংস ক্ষয় হ’ব,

12তুমি ক’বা, “মই কেনেকৈ শাসন প্রণালীক ঘিণ কৰিছিলোঁ। আৰু মোৰ অন্তৰে অনুযোগ হেয়জ্ঞান কৰিলে।

13মই মোৰ শিক্ষকসকলক মানিচলা নাছিলো, বা মোক দিয়া উপদেশ নুশুনিলোঁ।

14সমাজ আৰু সমবেত লোকসকলৰ মাজত মই প্ৰায় সম্পূৰ্ণ ধ্বংস হলোঁ।

15তুমি তোমাৰ নিজৰ পুখুৰীৰ পানী খোৱা, আৰু তোমাৰ নিজৰ নাদৰ পৰা ওলাই থকা পানী পান কৰা।

16তোমাৰ ভুমুকবোৰ চাৰিওফালে প্লাৱিত হ’ব লাগে নে? আৰু তোমাৰ জুৰিৰ পানী জনসাধৰণৰ মাজলৈ বৈ যাব লাগে নে?

17সেইবোৰ কেৱল তোমাৰ নিজৰ বাবেই হওক, আৰু তোমাৰ সৈতে থকা অচিনাকী লোকৰ বাবে নহওক।

18তোমাৰ ভুমুক আশীৰ্ব্বাদযুক্ত হওক; তুমি তোমাৰ যৌৱন কালৰ ভাৰ্যাত আনন্দ কৰা।

19কাৰণ তেওঁ মৰমীয়াল হৰিণী আৰু লাবন্যময়ী মৃগ, তেওঁৰ স্তনৰ দ্বাৰাই সকলো সময়ত তুমি তৃপ্ত হোৱা, আৰু তেওঁৰ প্ৰেমতেই সদায় মত্ত থাকা।

20কিয়নো হে মোৰ পুত্র, তুমি ব্যভিচাৰিণীত কিয় মত্ত হবা? আৰু তুমি অচিনাকী মহিলাৰ বুকু কিয় সাৱটি ধৰিবা?

21কিয়নো মানুহে কৰা সকলো কাম যিহোৱাই চাই, আৰু তেওঁ তাৰ সকলো পথ পৰ্যবেক্ষণ কৰে।

22এজন দুষ্ট লোক নিজৰ অপৰাধতে ধৰা পৰে; তেওঁক নিজৰ পাপৰূপ জৰীয়ে বান্ধি ৰাখে।

23নিয়মানুবৰ্ত্তিতাৰ অভাৱত তেওঁৰ মৃত্যু হয়; তেওঁৰ অজ্ঞানতাৰ কাৰণে তেওঁ বিপথে যায়।

Indian Revised Version (IRV) Assamese © 2017, 2018, 2019 Bridge Connectivity Solutions Pvt. Ltd. Licensed under Creative Commons Attribution-ShareAlike 4.0 International (CC BY-SA 4.0).
/div>