হিতোপদেশ 8:1-35 ASMIRV2019 - Bible AI

1প্রজ্ঞাই জানো নকয়?

2বাটৰ কাষৰ ওখ ঠাইত,

3তাৰ উপৰিও নগৰৰ প্ৰবেশস্থানত,

4“হে লোকসকল, মই তোমালোকক মাতিছোঁ;

5যিসকল শিক্ষিত নহয়, তেওঁলোকে সুবুদ্ধিক বুজা উচিত,

6শুনা, মই উত্তম বিষয়ৰ কথা কওঁ,

7কিয়নো মোৰ মুখে বিশ্বাসযোগ্য কথা কয়,

8মোৰ মুখৰ সকলো কথা ন্যায়পৰায়ণ;

9যি সকলে বুজি পাই, তেওঁলোকৰ কাৰণে মোৰ কথাবোৰ স্পষ্ট;

10ৰূপতকৈ মোৰ শিক্ষা, আৰু শুদ্ধ সোণতকৈয়ো জ্ঞান গ্ৰহণ কৰা।

11কিয়নো প্রজ্ঞা পদ্মৰাগতকৈয়ো উত্তম, তুমি ইচ্ছা কৰা কোনো বস্তুকে তাৰ লগত তুলনা কৰিব নোৱাৰি।

12মই প্ৰজ্ঞাই সুবুদ্ধিয়ে সৈতে বাস কৰোঁ,

13যিহোৱাক ভয় কৰায়েই দুষ্টতাক ঘিণ কৰা হয়;

14মোৰ ভাল পৰামৰ্শ আৰু গভীৰ প্রজ্ঞা আছে;

15মোৰ দ্বাৰাই ৰজাসকলে ৰাজত্ব কৰে,

16অধিপতি, অভিজাত, আৰু যিসকলে

17যিসকলে মোক প্ৰেম কৰে, ময়ো তেওঁলোকক প্ৰেম কৰোঁ,

18ঐশ্চৰ্য্য আৰু মান মৰ্য্যদা মোৰ লগতে আছে,

19সোণতকৈ আৰু শুদ্ধ সোণতকৈয়ো মোৰ ফল উত্তম;

20মই যি পথেৰে যাওঁ, সেই পথ শুদ্ধ;

21সেয়ে যিসকলে মোক ভাল পায় তেওঁলোকক মই উত্তৰাধিকাৰ দিওঁ,

22যিহোৱাই আৰম্ভণীৰে পৰা মোক সৃষ্টি কৰিলে-

23অনাদি কালৰ পৰা, পৃথিবীৰ আৰম্ভণীৰে পৰা

24মহাসাগৰৰ আগতে, আৰু পানীৰ ভুমুকবোৰ হোৱাৰ আগতে,

25পৰ্ব্বতবোৰ স্থাপন হোৱাৰ আগতে,

26যিহোৱাই পৃথিৱী বা পথাৰবোৰ সৃষ্টিৰ কৰাৰ আগতে,

27তেওঁ স্বৰ্গ স্থাপন কৰা সময়ত,

28তেওঁ যেতিয়া আকাশ-মণ্ডল স্থাপন কৰিছিল,

29সাগৰ সীমা নিৰূপণ কৰাৰ আগেয়ে মই সেই ঠাইত আছিলোঁ,

30তেতিয়া মই তেওঁৰ লগত প্ৰধান শিল্পকাৰ ৰূপে আছিলোঁ,

31মই তেওঁৰ সমগ্র পৃথিৱীত প্রশংসা কৰিছিলোঁ,

32এতিয়া হে মোৰ পুত্রসকল, মোৰ কথা শুনা;

33মোৰ নিৰ্দেশ শুনা আৰু জ্ঞানী হোৱা;

34যিজনে মোৰ কথা শুনে, তেওঁ আনন্দিত হ’ব-

35কাৰণ যি জনে মোক বিচাৰি পায়, তেওঁ জীৱন পায়,

Copyright © 2019 Bridge Connectivity Solutions Pvt. Ltd.
/div>