হোচেয়া 11:1-12 ASMIRV2019 - Bible AI

1ইস্ৰায়েল যেতিয়া শিশু আছিল তেতিয়া মই তেওঁক প্ৰেম কৰিছিলোঁ, মই মিচৰৰ পৰা মোৰ পুত্ৰক মাতি আনিছিলোঁ।

2মই তেওঁলোকক যিমানে মাতিছিলোঁ, সিমানেই তেওঁলোক মোৰ ওচৰৰ পৰা দূৰলৈ আঁতৰি গ’ল+ 11:2 তেওঁলোকৰ ওচৰলৈ মই যিমান আহিছিলো, তেওঁলোক সিমানে মোৰ পৰা দূৰলৈ আতৰি গৈছে।; তেওঁলোকে বাল দেৱতাবোৰৰ উদ্দেশ্যে বলি উৎসর্গ কৰিছিল, আৰু কটা মূৰ্ত্তিবোৰৰ কাৰণে ধূপ জ্বলাইছিল।

3তথাপিও ময়েই ইফ্ৰয়িমক খোজ কাঢ়িবলৈ শিকালোঁ। ময়েই তেওঁক মোৰ কোলাত লৈ ফুৰিলোঁ; কিন্তু তেওঁলোকে নাজানিলে যে মই তেওঁলোকৰ কাৰণে চিন্তা কৰোঁ।

4মই তেওঁলোকক প্ৰেমজৰী আৰু প্রেমৰ বান্ধোনেৰে চলাই আনিলোঁ; মই তেওঁলোকৰ বাবে কান্ধৰ ওপৰৰ পৰা যুৱলিখন তুলি ধৰা লোকৰ নিচিনা হলোঁ; পাছত কুজাঁ হৈ তেওঁলোকক আহাৰ খোৱাই প্রতিপালন কৰিলোঁ।

5যিহেতু ইস্রায়েলীয়াসকল মোলৈ উলটি আহিবলৈ অসন্মত হ’ল, সেয়ে তেওঁলোক মিচৰলৈ উলটি নাযাব। আৰু অচূৰীয়াই তেওঁলোকৰ ওপৰত শাসন কৰিব।

6তেওঁলোকৰ নগৰবোৰৰ ওপৰত যুদ্ধৰ তৰোৱাল পৰিব; তাতে তেওঁলোকৰ দুৱাৰবোৰৰ ডাংবোৰ নষ্ট হ’ব; নিজৰ পৰিকল্পনাৰ দ্বাৰাই তেওঁলোক বিনষ্ট হ’ব।

7মোৰ লোকসকল মোৰ পৰা ঘূৰি যাবলৈ স্থিৰ কৰিছে; যদিও তেওঁলোকে মোক অর্থাৎ অতি উর্দ্ধত থকা জনাক মাতিলেও, তেওঁ তেওঁলোকক মুঠেই উর্দ্ধত তুলি নলব।

8হে ইফ্ৰয়িম, মই তোমাক কেনেকৈ ত্যাগ কৰিম? হে ইস্ৰায়েল, মই তোমাক কেনেকৈ আনৰ হাতত শোধাই দিম? মই তোমাক কেনেকৈ অদ্মাৰ নিচিনা কৰিম? মই তোমাৰ অৱস্থা কেনেকৈ চবোয়ীমৰ নিচিনা কৰিম? মোৰ হৃদয় ব্যাকুল হৈছে; মোৰ সকলো মমতা জাগি উঠিছে।

9মোৰ প্ৰচণ্ড ক্ৰোধ মই তোমালোক+ 11:9 নগৰৰ বিৰুদ্ধে নাহিম।ৰ বিৰুদ্ধে প্রকাশ নকৰিম; মই ইফ্ৰয়িমক পুনৰ বিনষ্ট নকৰিম; কিয়নো মই ঈশ্বৰ, মানুহ নহওঁ; মই তোমালোকৰ মাজত থকা পবিত্ৰ জনা; মই ক্ৰোধেৰে উপস্থিত নহম।

10তোমাৰ লোকসকল মোৰ (যিহোৱাৰ) পাছত চলিব; মই সিংহৰ নিচিনাকৈ গৰ্জ্জন কৰি মাতিম; মই গৰ্জ্জন কৰি মাতিলে মোৰ সন্তান সকল পশ্চিম ফালৰ পৰা কঁপি কঁপি আহিব।

11মিচৰ দেশৰ পৰা চৰাইৰ নিচিনাকৈ, অচূৰীয়াৰ পৰা কপৌৰ নিচিনাকৈ তেওঁলোক কপিঁ কপিঁ আহিব; মই তেওঁলোকক নিজ নিজ ঘৰত বাস কৰাম। মই যিহোৱাই এই কথা কৈছো।

12যিহোৱাই কৈছে, “ইফ্ৰয়িমৰ মিছা কথা, ইস্ৰায়েল বংশৰ ছলনাই মোক চাৰিওফালে বেৰি ৰাখিছে; কিন্তু যিহূদাই এতিয়াও মোৰ অর্থাৎ ঈশ্বৰৰ লগত অহা-যোৱা কৰিছে আৰু মোলৈ অর্থাৎ পবিত্ৰ জনালৈ বিশ্বস্ত হৈ আছে।

Indian Revised Version (IRV) Assamese © 2017, 2018, 2019 Bridge Connectivity Solutions Pvt. Ltd. Licensed under Creative Commons Attribution-ShareAlike 4.0 International (CC BY-SA 4.0).
/div>