ৰূথ 3:1-17 ASMIRV2019 - Bible AI

1নয়মীয়ে তেওঁৰ বোৱাৰীয়েক ৰূথক ক’লে, “হে মোৰ আইটি, যাৰ দ্বাৰাই তোমাৰ মঙ্গল হয়, এনে সুৰক্ষিত ঠাই মই জানো তোমাৰ কাৰণে নিবিচাৰিম?

2তুমি যি বোৱজৰ দাসীসকলৰ লগত কাম কৰিছিলা, সেই বোৱজ জানো আমাৰ সম্পৰ্কীয় লোক নহয়? চোৱা, তেওঁ আজি ৰাতি মৰণা মৰা ঠাইত যৱ ধান জাৰি আছে।

3সেয়ে, তুমি এতিয়া গা ধুই পৰিস্কাৰ হোৱা, সুগন্ধি তেল ঘঁহা, আৰু কাপোৰ সলনি কৰি সেই শস্যমৰা ঠাইলৈ যোৱা৷ কিন্তু সেই ব্যক্তিয়ে ভোজন-পান কৰি শেষ নকৰালৈকে তুমি তেওঁক দেখা নিদিবা।

4তেওঁ যেতিয়া টোপনি যাব, তেতিয়া তুমি তেওঁৰ শোৱা ঠাই মনত ৰাখি, পাছত তেওঁৰ ওচৰলৈ যাবা আৰু তেওঁৰ ভৰি ফালৰ কাপোৰ গুচাই তাতেই তুমি শুবা; পাছত তুমি কি কৰিব লাগিব, সেই বিষয়ে তেওঁ তোমাক ক’ব।”

5তেতিয়া ৰূথে নয়মীক ক’লে, “আপুনি যেনেদৰে ক’লে, মই সেই মতে কৰিম।”

6পাছত তেওঁ সেই শস্যমৰা ঠাইলৈ গ’ল, আৰু তেওঁৰ শাহুৱেকে দিয়া আদেশ অনুসাৰে সকলো কৰিলে।

7বোৱজে ভোজন-পান কৰি আনন্দ মনেৰে গৈ শস্যৰ দ’মৰ এমূৰত গৈ শুলে, তেতিয়া ৰূথে ধীৰে ধীৰে গৈ তেওঁৰ ভৰিৰ ফালৰ কাপোৰ আতৰালে আৰু তাতেই শুই পৰিল।

8পাছত মাজনিশা বোৱজে বাগৰ সলাওঁতে, নিজৰ ভৰিৰ ওচৰত এজনী তিৰোতা মানুহ শুই থকা গম পাই উচপ খাই উঠিল।

9তেতিয়া তেওঁ সুধিলে, “তুমি কোন?” তেওঁ ক’লে, “মই আপোনাৰ দাসী ৰূথ; এতেকে আপোনাৰ এই দাসীৰ ওপৰলৈ আপোনাৰ কাপোৰৰ আঁচল মেলি দিয়ক; কাৰণ আপুনি আমাৰ উদ্ধাৰকৰ্তা আৰু আমাৰ সম্পৰ্কীয়+ 3:9 আপুনি কপোৰ চল মেলি দিয়ক কিয়নো আপুনি মোক বিবাহ কৰক, কিয়নো আপুনি মোৰ উদ্ধাৰকৰ্তা আৰু মোৰ সম্পৰ্কীয়।*।”

10তেতিয়া তেওঁ ক’লে, “আইটি তুমি যিহোৱাৰ আশীৰ্ব্বাদ প্ৰাপ্ত হোৱা; কিয়নো তুমি ধনী বা দুখীয়া কোনো ডেকা পুৰুষৰ ওচৰলৈ নগৈ, প্ৰথমতকৈ শেষত পুনৰ অধিক প্রেম দেখুৱালা।

11এতেকে আইটি, তুমি ভয় নকৰিবা; তুমি কোৱা সকলোকে মই কৰিম, কিয়নো তুমি যে সতী, ইয়াক মোৰ নিজ নগৰৰ ভিতৰত থকা সকলো মানুহে জানে।

12এইটো সত্য যে, মই তোমালোকৰ সম্পৰ্কীয় লোক হওঁ, কিন্তু মোতকৈও ওচৰ-সম্পৰ্কীয় আন এজন আছে।

13আজি ৰাতি ইয়াতে থাকা৷ ৰাতিপুৱা তেওঁ যদি ওচৰ সম্পৰ্কীয় হিচাপে তোমাক গ্ৰহণ কৰে, তেন্তে ভালেই, তেওঁৱেই সেই কাৰ্য কৰক৷ কিন্তু তেওঁ তোমাক যদি গ্ৰহণ কৰিবলৈ ইচ্ছা নকৰে, তেন্তে যিহোৱাৰ জীৱনৰ শপত, ময়েই তোমাক গ্ৰহণ কৰিম। তুমি ৰাতিপুৱালৈকে ইয়াতেই শুই থাকা।”

14তেতিয়া ৰূথে ৰাতিপুৱালৈকে তেওঁৰ ভৰিৰ ওচৰত শুই থাকিল; পাছত দোকমোকালিতে অৰ্থাৎ ইজনে সিজনক চিনিব নোৱাৰা সময়তেই তেওঁ উঠিল; কাৰণ বোৱজে কৈছিল, ‘শস্যমৰা ঠাইলৈ মহিলা মানুহ অহা কোনেও জানিব নালাগে’।

15পাছত তেওঁ পুনৰ ক’লে, “তুমি গাত লোৱা ওপৰৰ কাপোৰ মেলি ধৰা।” তেতিয়া ৰূথে কাপোৰখন মেলি ধৰোতে তেওঁ ছয় দোন+ 3:15 ছয় দোন, অৰ্থাৎ প্ৰায় 4 কিলোগ্ৰাম* যৱ ধান জুখি কাপোৰত ঢালি দি তেওঁৰ মুৰত তুলি দিলে; আৰু তেওঁ নগৰলৈ গুচি গ’ল।

16পাছত ৰূথে যেতিয়া নিজৰ শাহুৱেকৰ ওচৰলৈ আহিল, তেতিয়া শাহুৱেকে তেওঁক ক’লে, “আইটি তোমাৰ কি হ’ল?” তেতিয়া সেই ব্যক্তি জনে তেওঁলৈ কৰা আটাই কথা শাহুৱেকক তেওঁ ক’লে।

17ৰূথে পুনৰ ক’লে, “তেওঁ মোক ‘শাহুৱেৰাৰ ওচৰলৈ শুদাহাতে যাব নালাগে’, এই বুলি কৈ এই ছয় দোন যৱ ধান দিলে।”

Copyright © 2019 Bridge Connectivity Solutions Pvt. Ltd.