2 চমূৱেল 9:1-13 ASMIRV2019 - Bible AI

1পাছে দায়ূদে সুধিলে, “মই যোনাথনৰ কাৰণে যিজনলৈ দয়া ব্যৱহাৰ কৰিব পাৰিম, এনে চৌলৰ বংশৰ কোনো এতিয়াও অৱশিষ্ট আছেনে?”

2তাতে চীবা নামেৰে চৌলৰ যি এজন দাস আছিল, তেওঁক দায়ূদৰ ওচৰলৈ মাতি অনাত, ৰজাই তেওঁক সুধিলে, “তুমি চীবা হোৱানে?” তেওঁ ক’লে, “আপোনাৰ দাস মই, সেয়ে হওঁ।”

3পাছত ৰজাই সুধিলে, “মই ঈশ্বৰলৈ চাই যিজনক দয়া কৰিব পাৰোঁ, চৌলৰ বংশৰ এনে কোনো অৱশিষ্ট লোক নাই নে?” তাতে চীবাই ৰজাক ক’লে, “যোনাথনৰ দুয়োখন ভৰি খোৰা হোৱা এটি পুত্ৰ এতিয়াও অৱশিষ্ট আছে।”

4ৰজাই তেওঁক সুধিলে, “তেওঁ ক’ত আছে?” চীবাই ৰজাক ক’লে, “চাওক, তেওঁ লো-দবৰাত অম্মীয়েলৰ পুতেক মাখীৰৰ ঘৰত আছে।”

5তেতিয়া দায়ুদ ৰজাই লো-দবৰালৈ মানুহ পঠিয়াই অম্মীয়েলৰ পুত্ৰ মাখীৰৰ ঘৰৰ পৰা তেওঁক অনোৱালে।

6পাছে চৌলৰ নাতিয়েক যোনাথনৰ পুত্ৰ সেই মফিবোচতে, দায়ূদৰ ওচৰলৈ আহি মাটিলৈ মুখ কৰি তেওঁক প্ৰণিপাত কৰিলে। তাতে দায়ূদে ক’লে, “হে মফিবোচৎ”, তেওঁ উত্তৰ দিলে, “চাওক, আপোনাৰ দাস আছোঁ।”

7তেতিয়া দায়ূদে তেওঁক ক’লে, “ভয় নকৰিবা; কিয়নো মই তোমাৰ পিতৃ যোনাথনৰ কাৰণে অৱশ্যে দয়া কৰিম আৰু তোমাৰ পিতামহ চৌলৰ সকলো মাটি তোমাক ওলোটাই দিম; আৰু তুমি সদায় মোৰ মেজতে ভোজন কৰিবা।”

8তাতে মফীবোচতে প্ৰণিপাত কৰি ক’লে, “আপোনাৰ দাস মইনো কোন, যে মৰা কুকুৰৰ সদৃশ যি মই, মোলৈ আপুনি সু-দৃষ্টি কৰিছে?”

9পাছে ৰজাই চৌলৰ দাস সেই চীবাক মতাই ক’লে, “মই তোমাৰ প্ৰভুৰ পুত্ৰক, চৌলৰ আৰু তেওঁৰ সকলো বংশৰ সৰ্ব্বস্বকে দিলোঁ।

10এই হেতুকে তুমি আৰু তোমাৰ পুত্ৰসকলে আৰু তোমাৰ বন্দীবোৰেও একেলগে তেওঁৰ সেই মাটিত খেতি কৰিবা আৰু তোমাৰ প্ৰভুৰ পুত্ৰৰ আহাৰৰ বাবে তাত উৎপন্ন হোৱা শস্য আনি দিবা৷ কিন্তু তোমাৰ প্ৰভুৰ পুত্ৰ মফিবোচতে সদায় মোৰ মেজতহে ভোজন কৰিব।” সেই চীবাৰ পোন্ধৰজন পুতেক আৰু বিশজন দাস আছিল।

11তেতিয়া চীবাই ৰজাক ক’লে, “মোৰ প্ৰভু মহাৰাজে, তেওঁৰ এই দাসক যি আজ্ঞা দিছে, সেই দৰে তেওঁৰ এই দাসে সকলোকেই কৰিব।” ৰজাই আৰু কলে, “মফিবোচতে ৰাজকোঁৱৰৰ মাজৰ এজনৰ দৰে মোৰ মেজত ভোজন কৰিব।”

12সেই মফিবোচতৰ মীখা নামেৰে এজন ডেকা পুত্ৰ আছিল। চীবাৰ ঘৰত থকা আটাই লোক মফীবোচতৰ দাস আছিল।

13আৰু মফিবোচতে যিৰূচালেমতে নিবাস কৰিলে আৰু তেওঁ নিতে নিতে ৰজাৰ মেজত ভোজন কৰিলে; যদিওবা তেওঁৰ দুয়োখন ভৰি খোৰা আছিল।

Indian Revised Version (IRV) Assamese © 2017, 2018, 2019 Bridge Connectivity Solutions Pvt. Ltd. Licensed under Creative Commons Attribution-ShareAlike 4.0 International (CC BY-SA 4.0).
/div>